আপুনি বাৰু ডিব্ৰুগড়লৈ যোৱাৰ কথা ভাৱিছে নেকি? তেনেহ’লে দহবাৰ ভাৱক, কাৰণ...


 

আপুনি বাৰু ডিব্ৰুগড়লৈ যোৱাৰ কথা ভাৱিছে নেকি? তেনেহ’লে দহবাৰ ভাৱক। উত্তৰ পাৰৰ পৰা বগীবিল দলং পাৰ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাওঁতে যি পথেৰে আপুনি যাত্ৰা কৰিব সেই পথ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ নহয়, মৰণফান্দলৈ পৰিণত হৈছে। কুলাজানৰ পৰা ডিব্ৰুগড় চ্যুকাফা তিনিআলি সংযোগী সমগ্ৰ পথছোৱাত আপুনি পাৰ হ’ব লাগিব প্ৰকাণ্ড প্ৰকাণ্ড গাঁত৷ যিকোনো মুহূৰ্তত আপুনি লৈ যোৱা বাহনখন পৰিব পাৰে গাঁতত।


এই ভগ্নপ্ৰায় পথেৰেই নিতৌ অহা–যোৱা কৰে এম্বুলেন্স, ছাত্ৰ–ছাত্ৰী তথা জনসাধাৰণ৷ ধেমাজি, লখিমপুৰ, গহপুৰ, মাজুলী, জোনাই, অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাৰ লোকে চিকিৎসাৰ বাবেই যাত্ৰা কৰে ডিব্ৰুগড়লৈ। কিন্তু এই পথেৰেই বহু ভি আই পি,

ভি ভি আই পি, মন্ত্ৰী–আমোলাই অহা যোৱা কৰে যদিও পথটোৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াক লৈ তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ পথচাৰীৰ। যাৰ ফলত জীয়াতু ভুগিছে জনসাধাৰণে।

Post a Comment

Previous Post Next Post