দেশৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত হ'ব ভাৰতীয় বায়ুসেনাৰ ফুল ড্ৰেছ ৰিহাৰ্চল


 

দেশৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ুসেনাৰ ফুল ড্ৰেছ ৰিহাৰ্চল (সম্পূৰ্ণ পোছাকৰ আখৰা) দিল্লীৰ এনচিআৰৰ সলনি অন্য ঠাইত অনুষ্ঠিত হ'ব। জানিব পৰা মতে অহা ৬ অক্টোবৰৰ পুৱা চণ্ডীগড়ৰ চণ্ডীগড় এয়াৰফোৰ্চ ষ্টেশ্বনত (বায়ু সেনা আস্থানত) পেৰেড অনুষ্ঠিত হ'ব আৰু দিনৰ ভাগত চুকনা হ্ৰদৰ ওপৰেৰে পাৰ হৈ যাব। উল্লেখ্য যে, ভাৰতীয় বায়ুসেনাই আগন্তুক ৮ অক্টোবৰত ৯০ বছৰ সম্পূৰ্ণ কৰিব। ফুল ড্ৰেছ ৰিহাৰ্চলে বায়ুসেনা দিৱসৰ প্ৰস্তুতিৰ বুজ লয় যাতে কোনো ধৰণৰ ক্ৰুটি থাকিলে যদি ইয়াক সংশোধন কৰিব পৰা যায়।


বায়ুসেনা দিৱস উপলক্ষে বায়ুসেনাৰ ৮৩ খন বিমানে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিব। ইয়াৰ লগতে ৯ খন বিমান ষ্টেণ্ডবাইত ৰখা হ'ব। শক্তি প্ৰদৰ্শন কৰিব লগা বিমানত অন্তৰ্ভুক্ত থাকিব ৪৪ খন যুঁজাৰু বিমান, ৭ খন পৰিবহন বিমান, ২০ খন হেলিকপ্টাৰ আৰু ৭ খন পুৰণি বিমান। চুকনা হ্ৰদৰ ওপৰেৰে ৰাফেল, চুখোই, মিগ-২৯, মিৰাজ মিগ-২১ বাইচন, হক আৰু জাগুয়াৰে ভাৰতীয় বায়ু সেনাৰ শক্তি প্ৰদৰ্শন কৰিব।

এইবাৰ বিশেষ কথাটো হ'ল যে ৩ অক্টোবৰত যোধপুৰত বায়ুসেনাত যোগদান কৰা পাতল যুঁজাৰু হেলিকপ্টাৰ প্ৰচণ্ডকো উক্ত অনুষ্ঠানটোত দেখা যাব। ইয়াৰ লগতে চি-১৩০ পৰিবহণ বিমান, আপাচে আৰু চাৰাঙেও উৰা মাৰিব।

Post a Comment

Previous Post Next Post