বিজয়া দশমীত দেৱী দুৰ্গাক বিসৰ্জন দিবলৈ গৈ ৮জন লোকে মৃত্যুক সাবটি লোৱাৰ লগতে নিখোজ হৈ পৰিছে বহুজন। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ জলপাইগুৰি জিলাৰ মালবজাৰত। জিলাখনৰ মালনদীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ হাজাৰ হাজাৰ লোক সমবেত হৈছিল। প্ৰতি বছৰেই মালবজাৰৰ ৰাইজে মালনদীত বিজয়া দশমীত উলহ-মালহৰে দেৱী বিসৰ্জন দিবলৈ যায়। কিন্তু এইবাৰ বিজয়া দশমীত প্ৰতিমা বিসৰ্জন দিবলৈ গৈ ঘূৰি যাব নোৱাৰিলে বহুজন।
বিজয়া দশমীৰ আনন্দৰ মাজতে সংঘটিত হ'ল এক শোকাৱহ ঘটনা। হঠাৎ মালনদীত সৃষ্টি হ'ল ভয়ংকৰ বানৰ। ফেনে-ফোটোকাৰে বাঢ়ি অহা মালনদীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰি উটুৱাই নিলে বহু লোকক। পলকতে নৈৰ সোঁতে উটুৱাই নিলে শতাধিক লোকক। ইয়াৰে ৫০জন লোকক এছডিআৰএফ আৰু স্থানীয় লোকে উদ্ধাৰ কৰিছে। ১১জন লোকক বৰ্তমানলৈকে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
এই ভয়ংকৰ ঘটনাত মৃত্যু হৈছে ৮জন লোকৰ। বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২৫জনৰো অধিক লোক। জলপাইগুৰি জিলাৰ উপায়ুক্ত মৌমিতা গোদাৰা বসুৱে News18ক এই তথ্য সদৰি কৰিছে। বৰ্তমানেও সন্ধানহীন লোকসকলক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত আছে। আনহাতে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰো আশংকা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
Tags:
National
