বাক্সা আৰক্ষীৰ জালত তৃণমূল কংগ্ৰেছ দলৰ ৰাজ্যিক সম্পাদক অভিজিত কৰ্মকাৰ। অভিযোগ মতে, ভুৱা লটাৰী খেল চলোৱা এক বৃহৎ চক্ৰৰ মাষ্টাৰমাইণ্ড আছিল অভিজিত কৰ্মকাৰ ৷
বাক্সা জিলাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম লুৱাশুৰ শিৱ মন্দিৰৰ সাহায্যাৰ্থে ভুৱা লটাৰী খেল পাতি লাখ লাখ টকা ৰাইজৰ পৰা সংগ্ৰহ কৰিছিল ৷ যোৱা ১১ ছেপ্টেম্বৰত খেলখন অনুষ্ঠিত কৰাৰ কথা আছিল ৷ ১ লাখ ২৯ হেজাৰ ৫০০ খন ১০০ টকীয়া টিকট বিক্ৰী কৰি কোটি টকাৰ ওচৰত ধন সংগ্ৰহ কৰিছিল যদিও কোনোধৰণৰ উপহাৰ প্ৰদৰ্শন কৰা নাছিল ৷
ফলত ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হোৱাত বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষীক বিষয়টো অৱগত কৰে ৷ আৰক্ষীৰ লোক তাত উপস্থিত হৈ এই লটাৰীৰ লগত জড়িত ৬ গৰাকী লোকক আটক কৰাৰ পিছতে পোহৰলৈ আহিছিল ভুৱা লটাৰী চলোৱা গেংটোৰ মাষ্টাৰ মাইণ্ড কৰ্মকাৰৰ কথা ৷
ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে সেই সময়ত গ্ৰেপ্তাৰ কৰা লোককেইজন আছিল নিৰঞ্জন সূত্ৰধৰ, প্ৰদীপ বৰ্মন, মনজিৎ কৰ্মকাৰ, প্ৰাঞ্জল দাস, শিৱু দাস আৰু বিষ্ণু অধিকাৰী ৷ কিন্তু পলাই আছিল মাষ্টাৰমাইণ্ড অভিজিত কৰ্মকাৰ ৷
আজি এই সম্পৰ্কত শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জানিবলৈ দিয়া মতে, ভুৱা লটাৰী চলোৱা চক্ৰটোৰ মাষ্টাৰ মাইণ্ড আছিল ৰিপুণ বৰা নেতৃত্বাধীন অসম তৃণমুল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অভিজিত কৰ্মকাৰ ৷

দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল অভিজিত কৰ্মকাৰ ৷ কিন্তু বুধবাৰে এক গোপন তথ্যৰ ভিত্তিত বাক্সা আৰক্ষীয়ে মুছলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে তৃণমুল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদকগৰাকীক ৷ শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি পশ্চিমবংগ, কোচবিহাৰ আদি স্থানত লুকাই আছিল অভিজিত কৰ্মকাৰ ৷
ইফালে তৃণমূল কংগ্ৰেছে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায়– ''ভুৱা লটাৰী টিকট বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অভিজিত কৰ্মকাৰক দলৰ পৰা তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই এক নিৰ্দেশযোগে দলৰ পৰা নিলম্বন কৰিছে। এতিয়াৰে পৰা কৰ্মকাৰৰ সৈতে দলৰ কোনো সম্পৰ্ক নাথাকিব।''

Look at the flooring to establish where the principle walkways are, do you have to|must you} turn into misplaced. Also notice the overhead indicators that indicate completely different areas and how to to|tips on how to} get again to where you had been. They can load money onto their accounts from wherever, even before they arrive at the on line casino. casino.edu.kg The pattern of theming slot machines around popular films or TV exhibits isn’t going wherever, said Jon Hanlin, senior vice chairman of commercial technique for gaming firm Aristocrat. Slotomania has a wide variety|all kinds} of over a hundred and seventy free slot games, and brand-new releases every different week! Our players have their favorites, you just need to seek out|to search out} yours.
ReplyDelete