MrJazsohanisharma

ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহক লৈ নগাঁৱৰ বেলতলীত উত্তপ্ত পৰিস্থিতি


 

সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদানৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাক লৈ নগাঁৱৰ বেলতলী এম ই মাদ্ৰাছাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চুৰহাব আলী নামৰ প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক সংখ্যালঘু ছাত্ৰবৃত্তি প্ৰদানৰ নামত নগদ ২০০ টকাকৈ দিয়াৰ বাবে নিৰ্দেশ দিয়ে।


এই কথাত ক্ষুব্ধ হৈ পৰে একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক। প্ৰধান শিক্ষকগৰাকীৰ এই কাৰ্যৰ বিষয়ে আপত্তি দৰ্শাই একাংশ অভিভাৱকে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আনহাতে এই ঘটনাৰ  বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো আক্ৰমণৰ চেষ্টা কৰে বিদ্যালয়খনৰ এগৰাকী শিক্ষকে। অৱশ্যে আজি বিদ্যালয়খনত অনুপস্থিত আছিল প্ৰধান শিক্ষক চুৰহাব আলী। স্থানীয় ৰাইজে প্ৰধান শিক্ষক চুৰহাব আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে শিক্ষামন্ত্ৰী তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক আহ্বান জনাইছে।

Post a Comment

Previous Post Next Post