নাজিৰা কমিউনিটী চেণ্টাৰত আজি কোচ ৰাজবংশী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়৷ সংগঠনটোৰ কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়ই অংশগ্ৰহণ কৰা সভাত জনজাতিকৰণৰ দাবীত অহা ১৭ নৱেম্বৰত ৰে'ল অৱৰোধ কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লয়৷
সংগঠনটোৱে ধেমাজি, শ্ৰীৰামপুৰ আৰু শিৱসাগৰ জিলাৰ শিমলুগুৰিত অৱৰোধ কৰিব ৰে'ল। উক্ত সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ, সাধাৰণ সম্পাদক ৰণাদিত্য কুমাৰ দেৱ, কাৰ্যকৰী সভাপতি ভোলা বৰাকে আদি কৰি গোলাঘাট, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি প্ৰায় ৮খন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে।
Tags:
National