অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ৰাজ্যখনত ভয়ংকৰ আনুবংশিক ৰোগত আক্ৰান্ত এটি কন্যা শিশুৰ চিকিৎসাৰ বাবে চৰকাৰী এক গুৰুত্বপূৰ্ণ সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। ৰেড্ডী চৰকাৰে গৌচাৰ ৰোগৰ দৰে এক বিৰল আনুবংশিক ৰোগত আক্ৰান্ত এগৰাকী আঢ়ৈ বছৰীয়া কন্যা শিশুৰ চিকিৎসাৰ বাবে ১ কোটি টকা আগবঢ়াইছে। ড৹ বি আৰ আম্বেদকাৰ কোনাসীমা জিলাৰ উপায়ুক্ত এইচ এইচ মানংশু শুক্লাৰ তৰফৰ পৰা দেওবাৰে শিশুটোৰ চিকিৎসাৰ বাবে তেওঁৰ পিতৃ-মাতৃক ১.২৫ লাখ টকা মূল্যৰ ১৩ টা বেজী প্ৰদান কৰে। জানিব পৰা মতে, শিশুটিৰ চিকিৎসাৰ বাবে মুঠ ৫২ টা বেজীৰ প্ৰয়োজন আৰু প্ৰতি ১৫ দিনত ইয়াৰে এটাকৈ বেজী দিব লাগে।
তথ্য অনুসৰি, কপ্পুডি ৰামবাবু আৰু নাগালক্ষ্মীৰ জীয়ৰী হানি জন্মৰ পৰাই এই ৰোগত আক্ৰান্ত হৈ আছে। জিলা উপায়ুক্ত হিমাংশু শুক্লাই জনোৱা মতে গৌচৰৰ ৰোগটো এটা বিৰল আনুবংশিক ৰোগ। সমগ্ৰ দেশতে মুঠ ১৪ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। তেখেতে লগতে কয় যে অমলাপুৰমৰ প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰটো গৌচৰ নামৰ এই দুৰ্ভাগ্যজনক আনুবংশিক ৰোগৰ চিকিৎসা কৰা দেশৰ প্ৰথম চৰকাৰী কেন্দ্ৰ হ'ব।মন কৰিবলগীয়া যে, ৱাইএছ জগন মোহন ৰেড্ডী নেতৃত্বাধীন চৰকাৰে কন্যা শিশুটিৰ উন্নত প্ৰতিপালন আৰু যত্নৰ বাবে প্ৰতি মাহে ১০ হাজাৰ টকাৰ পৰিমাণো আগবঢ়াব। মুখ্যমন্ত্ৰী ৰেড্ডীয়ে জিলাখনৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি থকাৰ সময়ছোৱাত তেওঁ শিশু হানি আৰু তেওঁৰ পিতৃ-মাতৃক লগ পাইছিল আৰু হানিয়ে আনুবংশিক ৰোগত আক্ৰান্ত হোৱা কথা অৱগত হৈছিল। এই সময়ছোৱাত, তেওঁ ভুক্তভোগী শিশুটোৰ চিকিৎসাত সহায় কৰাৰ লগতে উন্নত শৈক্ষিক ব্যৱস্থাপনাৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল।
