জম্মু–কাশ্মীৰত অসম সন্তান আই পি এছ বিষয়া হেমন্ত কুমাৰ লোহিয়াক ডিঙি চেপি হত্যা

 


জম্মু–কাশ্মীৰত কৰ্মৰত অসম সন্তান আই পি এছ বিষয়া হেমন্ত কুমাৰ লোহিয়াক সোমবাৰে ডিঙি চেপি হত্যা কৰা হয়। এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে লস্কৰ ই তৈবাৰ ভাৰতীয় শাখা পিপলছ এণ্টি ফেচিষ্ট ফ'ৰ্চে।


উল্লেখ্য, হেমন্ত কুমাৰ লোহিয়াই জম্মু–কাশ্মীৰৰ কাৰাগাৰৰ আৰক্ষী সঞ্চালক ৰূপে কৰ্মৰত আছিল। লোহিয়াক তেওঁৰ পৰিচাৰক ইয়াচিৰ আহমেদে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ইয়াচিৰৰ এখন ডায়েৰী উদ্ধাৰ কৰাৰ পিছত তেওঁ মানসিকভাৱে হতাশগ্ৰস্ত বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীয়ে লগতে লস্কৰ–ই–তৈবাৰ লগত ইয়াচিৰৰ কি সম্পৰ্ক আছিল তাৰ তদন্তও কৰি আছে।
ইফালে লোহিয়াৰ মৃত্যুত অসম আৰক্ষীয়ে গভীৰ দুখ প্ৰকাশ কৰে। টুইটযোগে অসম আৰক্ষীয়ে ঘটনাত শোক প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post