সোণাপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ! জালত দুই ড্ৰাগছ সৰবৰাহকাৰী


 

সোণাপুৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। সোণাপুৰ আৰক্ষীয়ে পুনৰ আটক কৰিবলৈ সক্ষম হ’ল আন দুজন ড্ৰাগছ সৰবৰাহকাৰীক। গুৱাহাটীৰ খানাপাৰাৰ পৰা আটক কৰিছে দুয়োজনকে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন লিয়াকট আলী আৰু আনোৱাৰ হুছেইন। দুয়োজনৰে ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে।


ড্ৰাগছখিনিৰ বজাৰ মূল্য ১ কোটি বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ মুঠ ৩০০ গ্ৰাম হেৰ’ইন জব্দ কৰে এখন ট্ৰাকৰ পৰা। যোৱানিশা সোণাপুৰ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে ১৮টা কৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। মণিপুৰৰ পৰা সৰবৰাহ হৈছিল ড্ৰাগছখিনি।
দুয়োজন সৰবৰাহকাৰীৰ পৰা নগদ ধনো জব্দ কৰিছে আৰক্ষীয়ে। ইপিনে আটক কৰা ট্ৰাক চালকজন হান্নান আলী বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে দুয়োজনকে৷

Post a Comment

Previous Post Next Post