নিশা যোৰহাট নগৰত দেখিবলৈ পোৱা গ’ল মাতাল যুৱতীৰ তাণ্ডৱ। সোমবাৰে পূজাৰ ধামখুমীয়াৰ মাজতে নিশা তৰাজান সোণাৰি গাঁও আলিমূৰত এগৰাকী যুৱতীয়ে একাংশ লোক আৰু কৰ্তব্যৰত আৰক্ষীক জোলোকা–জোলোকে পানী খুৱালে। আৰক্ষী বিষয়াক টনা–আঁজোৰা কৰি, আৰক্ষীৰ পৰা লাঠি কাঢ়ি লৈ একাংশ লোকৰ সৈতে কাজিয়াত লিপ্ত হ’বলৈ চেষ্টা কৰাৰ লগতে ফেপেৰি পাতি একাংশ লোকক আক্ৰমণ কৰিবলৈয়ো উদ্যত হৈছিল যুৱতীগৰাকী।
আৰক্ষীয়ে ধৈৰ্যৰে বাৰম্বাৰ চেষ্টা কৰিও শান্ত কৰিব পৰা নাছিল যুৱতীগৰাকীক। যুৱতীগৰাকীৰ লগত থকা এজন যুৱকেও সকলোকে ক্ষমা বিচাৰি যুৱতীগৰাকীক বুজাবলৈ চেষ্টা কৰিছিল যদিও সুৰাৰ ৰাগিত মাতাল হৈ থকা বুলি সন্দেহ কৰা যুৱতীগৰাকীৰ কাণ্ডত আৰক্ষীকে ধৰি উপস্থিত লোকসকল হতচকিত হৈ পৰিছিল।
ইতিমধ্যে ভাইৰেল হোৱা এই ভিডিঅ'ই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীক পিছত আৰক্ষীয়ে যোৰহাট সদৰ থানালৈ আটক কৰি লৈ যায়।
