পূজাস্থলীত দলে–বলে প্ৰৱেশ গজৰাজৰ! হোটেল–দোকানৰ জিলাপী খাই পুনৰ গমন বনাঞ্চললৈ


 

নুমলীগড়ত পূজাস্থলীত সোমাল গজৰাজ। দলে–বলে দিন দুপৰতে পূজা চাবলৈ আহিল শতাধিক বন্যহস্তী। মিঠাইৰ দোকানত বনাই থোৱা জেলেপীৰ ল'লে সোৱাদ।


হয়, চৌদিশে পূজাৰ আনন্দৰ মাজতে আজি নুমলীগড়ৰ অভয়জান অঞ্চলৰ এখন পূজা মণ্ডপৰ চৌহদত সোমাই পোৱালিসহ বন্যহস্তীৰ এটা বৃহৎ জাক।

দিনৰ ভাগতে অঞ্চলটোত হাতীৰ জাকৰ প্ৰৱেশ ঘটাত সকলোৱে দৌৰি পলায়ন কৰে। হাতীৰ জাকটোৱে পূজা মণ্ডপৰ হোটেল–দোকানৰ সামগ্ৰী ভক্ষণ কৰি মণ্ডপৰ মাজেৰে সোমাই ৩৯নং ৰাষ্ট্রীয় ঘাইপথ অতিক্ৰম কৰি গতি কৰে নামবৰ বনাঞ্চলৰ দিশে।

ঘটনাক লৈ অঞ্চলটোত কিছু সময়ৰ বাবে আতংকময় পৰিৱেশে বিৰাজ কৰে। বন্যহস্তীৰ প্ৰৱেশত পূজাস্থলীত থকা লোকসকলৰ মাজত লাগে হুৱাদুৱা।

Post a Comment

Previous Post Next Post