ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বহুকেইটা প্ৰকল্প ভাৰ্চুৱেলী উদ্বোধন কৰে।
চাহ-বাগিচা অঞ্চলত ১০০খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ লগতে সকলো আধুনিক সুবিধাৰে ৩০০০ মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
ইয়াৰ লগতে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়, ৰে'ল মন্ত্ৰ্যালয়ৰ লগতে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন প্ৰকল্পৰো শুভ উদ্বোধন কৰে।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী তথা মন্ত্ৰী–বিধায়কসকল উপস্থিত আছিল।
উল্লেখ্য, ৰাষ্ট্ৰপতিয়ে পুনৰবাৰ অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ শলাগ লয়। দুদিনীয়া ভ্ৰমণ সূচীৰে গুৱাহাটীলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি উদ্বোধন কৰা প্ৰকল্পৰ এদিন বিশ্ববাসীয়ে নাম ল'ব বুলি আশা প্ৰকাশ কৰে। অসমৰ বাগানসমূহৰ শিক্ষাৰ বাবে ৰাজ্য চৰকাৰে লোৱা ব্যৱস্থাৰ শলাগ লয় ৰাষ্ট্ৰপতি মুৰ্মুৱে। তেওঁ লগতে ৰে'ল পথকে ধৰি উত্তৰ–পূবৰ বাবে কেন্দ্ৰই দহ হাজাৰ পথ নিৰ্মাণৰ লক্ষ্য লোৱাৰ কথা প্ৰকাশ কৰে।অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ২০২৬ৰ ভিতৰত চাহবাগিচাৰ চাৰিখন বাগানৰ মাজত হ'ব এখন হাইস্কুল, ১৫খন বাগিচাৰ মাজত স্থাপন কৰা হ'ব কলেজ, অহা বছৰৰ ভিতৰত ৰাজ্যত স্থাপন হ'ব ২ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ। ৰাষ্ট্ৰপতি হোৱাৰ পিছত প্ৰথমবাৰলৈ অহা দ্ৰৌপদী মুৰ্মুক পুনৰ অসম আহি চাহ বাগান আৰু কাজিৰঙা পৰিদৰ্শনৰ কৰিবলৈ অনুৰোধ জনায় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সন্মান জনাই পুনৰ অহাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে। এইদৰে দুদিনীয়া ভ্ৰমণৰে অহা ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন অনুষ্ঠান সমাপ্ত কৰি বিয়লি ভাগত উৰা মাৰে দিল্লী অভিমুখে।