বিজনী আৰক্ষীৰ জালত ড্ৰাগছসহ ড্ৰাগছ ব্যৱসায়ী, ৯টা কৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ


 

চিৰাং জিলাৰ বিজনীত আজি এজন  ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।বিজনী ৰেলগেট পৰা পুৰণি বাছআস্থানৰ সমীপত ড্ৰাগছসহ কৰায়ত্ত কৰে যুৱকজনক । তেঁওৰ পৰা নটা কৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে।


বিজনী আৰক্ষীয়ে এক গোপন খবৰৰ  ভিত্তিত ড্ৰাগছসহ সৰবৰাহকাৰীক ধৰিবলৈ সক্ষম হয় । ন  টা কন্টেনাৰসহ ড্ৰাগছখিনিৰ ওজন  ১২.৩০ গ্ৰাম । সৰবৰাহকাৰীৰ পৰা ন টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ, এটা মোবাইল, নগদ ২২০ টকা জব্দ কৰে বিজনী আৰক্ষীয়ে।সৰবৰাহকাৰী জনৰ নাম ইচৰাফু আলী (২৩) । ইচৰাফুলৰ ঘৰ পুৰাণ বিজনীৰ সৰকাৰপাৰাত বুলি জানিব পৰা গৈছে ।

Post a Comment

Previous Post Next Post