শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ বছাশিমলু অঞ্চলত বানৰ তাণ্ডৱ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বিস্তীৰ্ণ অঞ্চল ৷ বানপানীত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ৷ ডুব গৈছে বহুকেইটা বাসগৃহ ৷মূৰে কপালে হাত দিছে শ শ কৃষকে ৷
আহিন মহীয়া আৱতৰীয়া বানৰ কবলত পৰিল বৰছলাৰ বছাশিমলু অঞ্চল৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰালে বহু অঞ্চল৷ বিগত দুটা দিন ধৰি হৈ থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী ফেনেফুটুকাৰে বাঢ়ি অহাত বছাশিমলু অঞ্চলত বানপানীৰ সৃষ্টি হৈছে ৷ শ শ বিঘা মাটিৰ শাক পাচলি খেতি, ধান খেতি সকলো পানীৰ তলত৷
১ নং বছাশিমলু আৰু ২নং বছাশিমলু গাঁৱৰ বহুকেইটা পৰিয়াল বানপানীৰ কবলত পৰিছে ৷ আহিন মাহত হোৱা বানপানীয়ে ইয়াত কৃষক ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই যোৱাৰ ফলত ১ নং বছাশিমলু আৰু ২ নং বছাশিমলু গাঁৱৰ প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ-বাৰী পানীত ডুব যোৱাত ইয়াৰ বাসিন্দাসকলে মাথাউৰিত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে ৷ ইপিনে বানপানীৰ ফলত বছাশিমলু অঞ্চলৰ বৃহৎ কৃষি পথাৰ পানীত বুৰ গৈছে৷ বছাশিমলু অঞ্চলৰ কৃষক-ৰাইজে নতুনকৈ আৰম্ভ কৰা জলকীয়া, বিলাহী, ধনীয়া খেতি বানপানীয়ে বিনষ্ট কৰিছে ।
বান পানীয়ে এফালৰ পৰা কৃষিকাৰ্য বিনষ্ট কৰাত মূৰে কপাতে হাত দিছে কৃষক সকলে৷ ইপিনে ৰাইজৰ অভিযোগ বৰছলাৰ বছাশিমলুত ব্ৰহ্মপুত্ৰৰ পাৰত ৰাইজে নিৰ্মাণ কৰা এটা বান্ধ কোনোৱে নিশাৰ আন্ধাৰত কাটি দিয়াৰ ফলত বানত ডুবিল বহু অঞ্চল৷ তেওঁলোকৰ অভিযোগ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰাৰ বানৰ পৰা ৰক্ষা পাবলৈ ৰাইজে কষ্টৰে উক্ত বান্ধটো দিছিল৷ ইপিনে বান্ধ কটাৰ ফলত হোৱা বান পৰিস্থিতিৰ বাবে এটা পৰিয়ালৰ বিৰুদ্ধে অভিযোগ তুলি ৰাইজে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷
Tags:
National