বঙাইগাঁৱৰ নিকটৱৰ্তী জেল্কাঝাৰত বাইক চুৰিৰ চেষ্টা চলাই থকা সময়তে আৰক্ষীৰ জালত পৰে দুই বাইক চোৰ ৷ ধৃত বাইক চোৰ দুজন নাইদুল আহমেদ আৰু ডিম্পু আলী ৷ দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পাঁচখনকৈ চুৰি বাইক উদ্ধাৰ কৰে ৷
দুয়োৰে পৰা আৰক্ষীয়ে বাইক চুৰিত ব্যৱহৃত সা–সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে নিউ বঙাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ভাওলাগুৰিৰ ঘৰত চুৰি কাণ্ডত জড়িত মহিলা চোৰ এজনক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷
ধৃত মহিলাগৰাকী জেস্মিনা খাতুন ৷ চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছ মুহুৰ্ততে আৰক্ষীয়ে চুৰণিক কৰায়ত্ত কৰে ৷ দুৰ্গোৎসৱৰ মাজতে বঙাইগাঁৱত দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ৷
Tags:
National