মহা সপ্তমীৰ নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত টি–২০ খেলখনত সূৰ্য কুমাৰ যাদৱ আৰু কে এল ৰাহুলৰ ফালেই দৃষ্টি নিবদ্ধ আছিল ক্ৰিকেটপ্ৰেমীৰ। সেয়াই স্বাভাৱিক। তিৰুৱনন্তপুৰমৰ দৰে গুৱাহাটীতো অসাধাৰণ প্ৰদৰ্শন কৰিলে এই দুগৰাকী বেটছমেনে। কিন্তু ইয়াৰ মাজতে ভাৰতীয় বেটছমেনসকলৰ ভিতৰত টি–২০ ক্ৰিকেটত দ্ৰুততম ১১,০০০ ৰান সম্পূৰ্ণ কৰিলে বিৰাট কোহলীয়ে।
মাত্ৰ এক ৰানৰ বাবে কোহলীৰ হাফ চেঞ্চুৰী সম্পূৰ্ণ নহ’ল যদিও দক্ষিণ আফ্ৰিকাৰ ফাষ্ট বলাৰ পাৰ্নেলৰ বলত ছয় কোবাই এই অভিলেখ গঢ়িলে ক্ৰিকেটাৰগৰাকীয়ে। খেলখনত ৪৯ ৰানত অপৰাজিত হৈ থাকে কোহলী। কোহলীয়ে নিজৰ ইনিংছটোত কোৱালে ৭টা চাৰি আৰু এটা ছয়।
এই ফৰ্মেটত উপনীত হ’বলৈ বিৰাটক প্ৰয়োজন হ’ল ৩৫৪খন মেচ। ভাৰতীয়সকলৰ ভিতৰত তালিকাৰ দ্বিতীয় স্থানত আছে ৰোহীত শৰ্মা (১০,৫৮৭) আৰু তৃতীয় স্থানত আছে শিখৰ ধৱন (৯,২৩৫)। সুনীল গাভাস্কাৰে স্পষ্টকৈ জনাই দিছে যে মেচৰ পৰিস্থিতি বুজি যিদৰে বেটিং কৰিছে বিৰাটে, পৰা তেওঁৰ আত্মবিশ্বাস যথেষ্ট ভাল বুলি বুজা গৈছে। বিশ্বকাপৰ পূৰ্বে কোহলীৰ ছন্দই ভাৰতক ভৰসা প্ৰদান কৰিছে।
Tags:
Sports