গান্ধী জয়ন্তীৰ দিনা মৈসুৰত 'ভাৰত জোৰো' আন্দোলনৰ সময়ত ধাৰাসাৰ বৰষুণৰ মাজতেই জনতাক সম্বোধন ৰাহুল গান্ধীৰ


 

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেওবাৰে ‘ভাৰত জোৰো’ যাত্ৰাৰ সময়ত কৰ্ণাটকৰ মৈসুৰত ঘন বৰষুণৰ মাজতে হাজাৰ সংখ্যক ৰাইজক সম্বোধিত কৰিলে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যম টুইটাৰত এটা পোষ্ট কৰি কয় যে, গান্ধী জয়ন্তীৰ দিনা মৈসুৰত ঘন বৰষুণৰ পাছতো ৰাহুল গান্ধীয়ে ৰাইজৰ বৃহৎ সংখ্যক লোকক সম্বোধিত কৰিছে। এইটোৱে স্পষ্ট কৰে যে ‘ভাৰত জোৰো’ যাত্ৰা ঘৃণাৰ বিপৰীতে ভাৰতক একেলগ কৰা। নিবনুৱা আৰু মুল্যবৃদ্ধিৰ বিৰুদ্ধে ক’বলৈ কোনেও বাধা দিব নোৱাৰে।


ৰাহুল গান্ধীয়ে ৰাইজক সম্বোধিত কৰি কয় যে ‘ভাৰত জোৰো’ যাত্ৰাৰ লক্ষ্য বিজেপি আৰু আৰএছএছ দ্বাৰা ভাৰতত হিংসা বিয়পোৱাৰ বিৰুদ্ধে থিয় হোৱা। এই যাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চলিব আৰু কোনো কাৰণতে এই যাত্ৰা স্থগিত নহয় যিদৰে গান্ধী জয়ন্তীৰ দিনা ভাষণ দি থাকোতে বৰষুণেও তেওঁলোকক ৰখাব পৰা নাই বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই যাত্ৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাব। গৰম, ধুমুহা, বৰষুণ বা ঠাণ্ডাৰ কবলত তেওঁলোকৰ এই যাত্ৰা বন্ধ নহয়। এই নদীত মানুহে হিংসা বা ঘৃণা নাপায়, বৰঞ্চ ভালপোৱা আৰু মিলাপ্ৰীতি দেখা পাব বুলিও নিজ ভাষণত ব্যক্ত কৰে ৰাহুল গান্ধীয়ে। লগতে কৰ্ণাটকত বিজেপি চৰকাৰে কি কৰি আছে সেই বুলি এটা প্ৰশ্ন ৰাইজলৈ কৰে।
কংগ্ৰেছ নেতাজনে কয় যে বিজেপি আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ সকলো ৰেকৰ্ড ভংগ কৰিছে, তেওঁলোকে সকলো বস্তুতে ৪০ শতাংশ কমিছন লয়। ইয়াৰোপৰি, ঠিকাদাৰ সন্থাই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিল আৰু চৰকাৰে ৪০ শতাংশ কমিছন লোৱাৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিছিল, কিন্তু তেওঁ সেই বিষয়ত একো কৰা নাছিল বুলি ৰাহুল গান্ধীয়ে কয়। তেওঁ উল্লেখ কৰে যে, কৰ্ণাটকত ১৩,০০০ বিদ্যালয় সংগঠনে চৰকাৰক ৪০ শতাংশ কমিছন পৰিশোধ কৰিবলগীয়া হ’ব বুলি কৈছিল যদিও এই বিষয়ত প্ৰধানমন্ত্ৰী অথবা কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে একো কোৱা নাছিল।

কংগ্ৰেছ নেতাজনে কয় যে বিমুদ্ৰাকৰণ আৰু জিএছটিয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মেৰুদণ্ড ভাঙি পেলাইছে। নিৰ্বাচিত ২–৩ জন উদ্যোগপতিক সম্পূৰ্ণ লাভালাভ প্ৰদান কৰা হৈছে। ৰাহুল গান্ধীয়ে কয় যে কৰ্ণাটক আৰু ভাৰতৰ দৰিদ্ৰ লোকসকলে এফালে নিবনুৱা আৰু আনফালে মুদ্ৰাস্ফীতিৰ মাজতে ভুগি আছে, সেয়েহে কংগ্ৰেছে ‘ভাৰত জোৰো’ যাত্ৰা আৰম্ভ কৰিছে বুলি তেওঁ কয়। বিজেপিয়ে যিমানেই ঘৃণা বা হিংসাত লিপ্ত নহওঁক, কংগ্ৰেছে ভাৰতক সংযোগ কৰিব বুলিও নিজ ভাষণত উল্লেখ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

Post a Comment

Previous Post Next Post