মহানগৰীৰ গান্ধী মণ্ডপত উদ্বোধন অসমৰ প্ৰথম হোলোগ্ৰাফিক প্ৰজেকশন শ্ব' 'পূৰ্ব প্ৰৱাহ'


 

আজি গান্ধী জয়ন্তী। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনটোত দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বহু কাৰ্যসূচী তথা অনুষ্ঠান আয়োজন কৰা হৈছে। গুৱাহাটীৰ গান্ধী মণ্ডপকে ধৰি বিভিন্ন অনুষ্ঠানত ভাৰতবৰ্ষক স্বাধীনতাৰ সোৱাদ আগবঢ়োৱা সকলোৱে জাতিৰ পিতাজনক সোঁৱৰিছে।


কালি অসমৰ মূখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম টুইটাৰত এটা পোষ্ট কৰি জনায় যে, অসম চৰকাৰে গান্ধী জয়ন্তীৰ প্ৰাকমুহূৰ্তত গুৱাহাটীৰ শৰণীয়া পাহাৰৰ ওপৰেৰে পোহৰ আৰু ধ্বনি প্ৰদৰ্শনীৰে পৰিপূৰ্ণ নতুনকৈ পুনৰ নিৰ্মাণ কৰা গান্ধী মণ্ডপ জনসাধাৰণক উৎসৰ্গা কৰিব। লাইটবোৰে গান্ধীজী আৰু অন্যান্য স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিকৃতিৰে পুনৰ নিৰ্মাণ কৰা ভৱনটো আলোকিত কৰিব বুলি তেওঁ উল্লেখ কৰে।
ইয়াৰোপৰি আজি পুৱাই তেওঁ আন এক পোষ্ট কৰি লিখে, অহিংসা, মানৱতাবাদ আৰু সাৰ্বজনীনতাৰ আদৰ্শৰ সৈতে মহাত্মা গান্ধীজীয়ে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক প্ৰভাৱিত কৰিছিল। এক পৰিষ্কাৰ আৰু সেউজীয়া ভাৰতৰ তেওঁৰ দৃষ্টিভংগীয়ে আমাক এক স্বচ্ছভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাত পথ প্ৰদৰ্শন কৰে। তেওঁৰ জয়ন্তীত, মই বাপুৰ প্ৰতি শ্ৰদ্ধাৰে মূৰ নমস্কাৰ কৰো।"

ইফালে আজি পুৱাই ৰাজ্য চৰকাৰৰ উদ্যোগত মহানগৰীৰ গান্ধী মণ্ডপত আয়োজিত গান্ধী জয়ন্তীৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীজনে গান্ধী মণ্ডপত অসমৰ প্ৰথম হোলোগ্ৰাফিক প্ৰজেকশন শ্ব' 'পূৰ্ব প্ৰৱাহ' উদ্বোধন কৰে। এই কাৰ্যসূচীত তেখেতৰ লগতে উপস্থিত থাকে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘল, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে প্ৰমুখ্য কৰি আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।আনহাতে, গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় কাৰাগাৰতো বিশেষ কাৰ্যসুচী অনুষ্ঠিত হৈছে। এই কাৰ্যসুচী অনুষ্ঠানত ৰাজ্যৰ ৬ খন কাৰাগাৰত আজিৰে পৰা মুকলি কৰা হ’ল মহিলাসকলক স্বচ্চ কৰি ৰাখিবৰ বাবে ঋতুকালীন বিশেষ সেৱা। এই ব্যবস্থা কাৰ্যকৰী কৰিবলৈ কাৰাগাৰ কৰ্তপক্ষক মুখ্য ন্যায়াধীশ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীয়ে নিৰ্দেশ দিছিল। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তপক্ষই আজি কাৰাগাৰত আবদ্ধ হৈ থকা মহিলা আৰু শিশুসকলক বিশেষভাৱে পৰিষ্কাৰ কৰি ৰাখিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰে। কাৰাগাৰ কৰ্তপক্ষই লগতে পৰ্যাপ্ত চেনিটেৰী নেপকিন বিতৰন কৰে আৰু ভেণ্ডিং মেচিনো স্থাপন কৰে । অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰী পি পি বৰুৱা, কেন্দ্ৰীয় কাৰাগাৰৰ মহা পৰিদৰ্শক বৰ্নালী শৰ্মা।

Post a Comment

Previous Post Next Post