শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো কাৰণতে কুকুৰা-গাহৰি পালন কৰাৰ অনুমতি নিদিয়ে


 

নগাঁৱৰ মুখ্য কাৰ্যালয়ত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই এক  সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত উপস্থিত থাকে পদাধিকাৰ কৰুণা কান্ত গগৈ আৰু প্ৰধান সম্পাদক বাবুল বৰা ৷ প্ৰাক্তন পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাও উপস্থিত থাকে সংবাদমেলত ৷


সংবাদমেলত চকলং বিবাহকলৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত শংকৰ সংঘৰ পৰা নিজৰ স্থিতি প্ৰকাশ কৰে ৷ সংবাদমেলত প্ৰধান সম্পাদক বাবুল বৰাই চকলং বিবাহৰ সন্দৰ্ভত কেন্দ্ৰীয় সমিতিয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি মন্তব্য কৰাৰ লগতে স্থানীয় কোনো শাখা সমিতিয়ে লোৱা ব্যৱস্থাৰ সম্পৰ্কত কেন্দ্ৰীয় সমিতিত পৰ্যালোচনা হোৱা নাই বুলিও প্ৰকাশ কৰে ৷ টাই আহোম জনগোষ্ঠীয় সংগঠন আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মাজত সৃষ্টি হোৱা সংঘাত পূৰ্ণ পৰিস্থিতি আলাপ আলোচনাৰ মাজেৰে সমাধান কৰাৰ আগ্ৰহ প্ৰকাশ কৰি সংঘৰ কেন্দ্ৰীয় সমিতিয়ে স্থানীয় সমিতিয়ে লোৱা সিদ্ধান্তৰ বাবে টাই আহোম জনগোষ্ঠীৰ লোকসকলে পোৱা মনোকষ্টৰ বাবে দুখ প্ৰকাশ কৰে ৷ 

শ্ৰীমন্ত শংকৰদেৱ সংঘ জাতি জনগোষ্ঠীৰ ৰীতি নীতি আৰু পৰম্পৰাৰ বিৰোধ নহয় বুলিও সংঘৰ কেন্দ্ৰীয় নেতৃত্ব বৰ্গই মন্তব্য কৰে ৷ অৱশ্যে সংঘৰ সংবিধানত থকা মুল নীতি ভঙ্গ কৰিলে সাংবিধানিক ভাবে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে ৷ অৱশ্যে আহোম জনগোষ্ঠীৰ চকলং বিবাহৰ বিপৰীতে নামধৰ্মৰ মাজেৰে অনুষ্ঠিত বিবাহকহে সংঘৰ সংবিধানে স্বীকৃতি দিছে বুলিও উল্লেখ কৰে সংবাদমেলত ৷ 

ইয়াৰ বাহিৰে বিবাহ সম্পন্ন হোৱা কোনো কাৰ্যত সংঘৰ কোনো সদস্য জড়িত হ’লে বিধি অনুসৰি সংঘৰ লগত পুনৰ চামিল হ’ব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ইফালে বহু হাজাৰ টকা উপাৰ্জন হ’লেও গাহৰি আৰু কুকুৰাৰ ব্যৱসায় কৰিবলৈ সংঘক হেঁচা নিদিবলৈ আহ্বান জনাই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় নেতৃবৰ্গই। উল্লেখযোগ্য যে আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ চেষ্টাৰে বহু অসমীয়া যুৱকে কুকুৰা-গাহৰি পালনৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই কঠোৰ নিষেধাজ্ঞা জাৰি কৰা বিষয়টোক সকলোৱে সমালোচনা কৰাৰ সময়তে শ্ৰীমন্ত শংকৰদেৱ সংঘই এইক্ষেত্ৰত নিজৰ মততে অটল থকাও দেখা গ'ল।

Post a Comment

Previous Post Next Post