আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ কলাক্ষেত্ৰত মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক বিতৰণ কৰিব নিযুক্তি পত্ৰ



লক্ষ্য প্ৰাপ্তিৰ দিশত ৰাজ্য চৰকাৰৰ আন এক যাত্ৰা। অসম চৰকাৰৰ এক লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ২৯ অক্টোবৰ অৰ্থাৎ আজি বিতৰণ কৰিব নিযুক্তি পত্ৰ। ৰাজ্য চৰকাৰে মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। অসম চৰকাৰে আয়োজন কৰা এক নিযুক্তি সমাৰোহ অনুষ্ঠানৰ যোগেদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰত বিতৰণ কৰিব এই নিযুক্তি পত্ৰসমূহ।

শনিবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনৰ ১২ বাজি ৩০ মিনিটত মুখ্যমন্ত্ৰী নিযুক্তি সমাৰোহ অনুষ্ঠানত বিতৰণ কৰিব চৰকাৰী বিভাগত নৱনিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলক।

উল্লেখযোগ্য যে, অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা, জলসিঞ্চন বিভাগকে ধৰি মুঠ ১১টা চৰকাৰী বিভাগত নিৰ্বাচিত মুঠ ৬৫৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ইয়াৰে ভিতৰত কৰ্মচাৰী বিভাগত ১২০ জন, গৃহ বিভাগত ৬৯ জনক নিযুক্তি পত্ৰ দিয়াৰ উপৰিও বিত্ত বিভাগত ৩৩ জন, পৰিবহণ বিভাগত ৫ জন, শ্ৰমিক কল্যাণ বিভাগত ১৮ জন, জলসিঞ্চন বিভাগত ৩২৫ জন, আবকাৰী বিভাগৰ ৭ জন, পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগত ৩৩ জনক নিযুক্তি দিব। লগতে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগত ৪ জন, ৰাজহ আৰু দুৰ্যোগ বিভাগত ৩১ জন, উদ্যোগ আৰু বাণিজ্য বিভাগত ১০ জনে লাভ কৰিব নিযুক্তি পত্ৰ। 

Post a Comment

Previous Post Next Post