প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী

 


বৰপেটাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। প্ৰথমে বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰত সেৱা জনাই আশীষ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

তাৰ পিছত মন্ত্ৰীগৰাকীয়ে সদ্য প্ৰয়াত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সুন্দৰীদিয়া কলয়াহাটীস্থিত বাসগৃহত উপস্থিত হৈ শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই জীৱিতকালত সত্ৰীয়া সংস্কৃতিক প্ৰাণ দি যোৱা বুলি উল্লেখ কৰি সত্ৰীয়া সংস্কৃতিৰ যোগেদি অসমৰ আধ্যাত্মিক জগতখনক সবল কৰাৰ ক্ষেত্ৰত পালন কৰা শক্তিশালী ভূমিকাৰ কথা অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে বুলিও প্ৰকাশ কৰে ৷ বুঢ়াসত্ৰীয়া বাপগৰাকীয়ে  সদায় পিতৃসুলভ আচৰণ কৰা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বশিষ্ঠ দেৱ শৰ্মাৰ দেহাৱসান ঘটিলেও তেওৰ কৰ্মৰাজি জীয়াই ৰাখিবই লাগিব বুলি মন্তব্য কৰে সোণোৱালে ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ গৃহৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বৰপেটা জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ দলীয় নেতা-কৰ্মীৰ সতে মত-বিনিময় কৰে ।

Post a Comment

Previous Post Next Post