আজি ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬৫৫ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰাৰ্থীসকলক প্ৰদান কৰে নিযুক্তি পত্ৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছিল নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘যোৱা দুটা দশকত কোৱালিটীৰ লগত কম্প্ৰমাইজ কৰা বাবে আমি বহু পিছুৱাই গৈছো, অন্য ৰাজ্য আগবাঢ়ি গুচি গ’ল। আহিবলগীয়া প্ৰত্যকটো পল ৰাইজৰ বাবে অংগীকাৰবদ্ধ হ’ব লাগিব নতুন নিযুক্তি লাভ কৰাসকল। যোৱা এটা বছৰে ৪০ হাজাৰ নিযুক্তি লাভ কৰিছে।’’
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আমাৰ বাবে আজি দুখৰ দিনো। হাতে–লোটে এজন এচিএছ বিষয়াক ধৰা পেলাইছে। লাখ লাখ টকা ঘৰৰ পৰা উদ্ধাৰ হৈছে গৃহ বিভাগৰ বিষয়াৰ। বিষয়াৰ ঘৰত লাখে লাখে টকা ওলালে আমাক ক’ত বিশ্বাস কৰিব। দুৰ্নীতিত চলাৰ পৰা আজিৰ পৰা পৰিৱৰ্তন হ’ব লাগিব। প্ৰাপ্যৰ বাবে কিয় টকা দিব লাগে বিষয়াক? অসমে আজি দুৰ্নীতিৰ পৰা মুক্তি বিচাৰিছে।’’
৭ দিনৰ ভিতৰত নিযুক্তি পত্ৰ বিতৰণ কৰা এয়াই প্ৰথম বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আমাৰ বাবে ন্যায় এক হ’ব সকলোৰে বাবে। মই মুখ্যমন্ত্ৰী হৈ থকালৈ কোনে ক’ত পোষ্টিং হ’ব এইটো নভবাই ভাল। কাৰোবাৰ দেউতাক বিজেপিত থাকিলেও ইচ্ছামতে পোষ্টিং নহয়। পোষ্টিং চৰকাৰৰ মতে হ’ব।’’
যোৱা দুটা দশত আমি অন্ধকাৰৰ দিশে গতি কৰিছিলো বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰশাসনৰ পৰীক্ষাত কালিমা আহিলে গুণগত মানদণ্ড হ্ৰাস পাই। যোৱা ৭৫ বছৰে ইউ পি এছ চিয়ে নিজৰ গৰিমা ভাৰতবর্ষত অটুট ৰাখিছে। যোৱা দুটা দশকত আমি প্ৰশাসনৰ ক্ষেত্ৰত যথেষ্ট পিছুৱাই গ’লো।

নতুন ডি এছ পিসকলক লাঠী আৰু পিষ্টল দৰিদ্ৰ লোকৰ ক্ষেত্ৰত যাতে ব্যৱহাৰ কৰা নহয় তাৰ বাবেও অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে। ৰঙা ফিটাৰ মেৰপেঁচ এপিএছচিত আজিও আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেয়া নাইকিয়া কৰিব লাগিব।