ভাৰতীয় ক্ৰিকেট দলে আসন্ন টি–২০ বিশ্বকাপ ২০২২ৰ বাবে বিগত এসপ্তাহ ধৰি অষ্ট্ৰেলিয়াত আছে। অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছতে অনুশীলন আৰম্ভ কৰিছে টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকলে। টি–২০ বিশ্বকাপৰ প্ৰস্তুতিৰ মাজতে মঙলবাৰে টীম ইণ্ডিয়াৰ কাৰকাসকলে এদিনৰ বাবে বিৰতি লৈছিল। বিৰতিৰ দিনটোত অষ্ট্ৰেলিয়াৰ ৰটনেষ্ট দ্বীপ ভ্ৰমণলৈ যায় সমগ্ৰ দলটো। বিৰাট কোহলীয়ে বিৰল প্ৰাণী কোক্কাৰ সৈতে এখন ফটো তুলিলে।
ৰটনেষ্ট দ্বীপক বিশ্বৰ অন্যতম সুন্দৰ স্থান হিচাপে বিবেচনা কৰা হয়। মঙলবাৰে ভাৰতীয় দল আৰু ছাপ’ৰ্ট ষ্টাফে এই দ্বীপত সময় কটায়। এই দ্বীপ পাৰ্থ উপকূলৰ পৰা মাত্ৰ ১৯ কিলোমিটাৰ নিলগত অৱস্থিত। ৰটনেষ্ট দ্বীপক সমুদ্ৰৰ স্বৰ্গ হিচাপেও বিবেচনা কৰা হয়। কোৱা হয়, এই দ্বীপৰ ইতিহাস প্ৰায় ৫০,০০০ বছৰ পুৰণি।শান্ত ৰটনেষ্ট দ্বীপ খুব সুন্দৰ। প্ৰাকৃতিক দৃশ্যৰ লগতে ইয়াত বহু বিৰল প্ৰজাতিৰ প্ৰাণীও দেখা যায়। দ্বীপটো বিশ্ববিখ্যাত কোক্কাৰো বাসস্থান হিচাপে পৰিচিত। ই এক এছিয়ান ছিভেট কেট। ‘কোক্কা’ নামটো আহিছে আদিবাসীসকলে দিয়া নামৰ পৰা। ই পৰ্যটকসকলৰ আকৰ্ষণ।
ভাৰতীয় দলে ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়া একাদশৰ বিৰুদ্ধে দুখন প্ৰস্তুতি মেচ খেলিছে। দুই দলৰ মাজত প্ৰথমখনত ভাৰত জিকিছে। ১৩ অক্টোবৰ অৰ্থাৎ আজি ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ সৈতে দ্বিতীয়খন প্ৰস্তুতি মেচ অনুষ্ঠিত হ’ব।
এই প্ৰস্তুতি মেচবোৰৰ পিছত ভাৰতীয় দলে অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে নিৰ্ধাৰিত প্ৰস্তুতি মেচ খেলিব। ১৭ অক্টোবৰ সোমবাৰে অষ্ট্ৰেলিয়াৰ সৈতে প্ৰথম প্ৰস্তুতি মেচ খেলিব টীম ইণ্ডিয়াই। ইয়াৰ পিছত ১৯ অক্টোবৰ বুধবাৰে নিউজীলেণ্ডৰ সৈতে এখন প্ৰস্তুতি মেচ খেলিব।টি–২০ বিশ্বকাপ ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। কিন্তু প্ৰথম ৪খন ছুপাৰ ১২ৰ বাবে যোগ্যতা অৰ্জনৰ বাবে ইটো দলে আনটোৰ বিৰুদ্ধে খেলিব। এই নিৰ্বাচন পৰ্বত ৮টা দলে প্ৰতিদ্বন্দ্বিতা কৰিব, যাৰ ভিতৰত শীৰ্ষত থকা চাৰিটা দলে ছুপাৰ ১২ ৰাউণ্ডত প্ৰৱেশ কৰিব।
Tags:
Sports