দক্ষিণৰ চিনেমাত খোজ পেলাব মহেন্দ্ৰ সিং ধোনীয়ে!


 

বিশ্বকাপ, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু আই পি এলত ক্ৰিকেট খেলৰ দক্ষতাৰ বাবে পৰিচিত মহেন্দ্ৰ সিং ধোনী। সম্প্ৰতি পত্নী সাক্ষী ধোনীৰ সৈতে তেওঁৰ প্ৰডাকচন হাউচ 'ধোনী এণ্টাৰটেইনমেণ্ট' আৰম্ভ কৰাৰ বিষয়ে চৰ্চা চলি আছে। সকলোৱে জানে যে তেওঁ ক্ৰিকেটৰ খেলপথাৰৰ পৰা আঁতৰি থকা বহুদিন হ’ল, কিন্তু কেপ্তেইন কুলে দক্ষিণৰ চিনেমা উদ্যোগত সুন্দৰ প্ৰত্যাৱৰ্তন কৰিব।


দক্ষিণৰ চিনেমা উদ্যোগত পদাৰ্পণ কৰিব ধোনীয়ে
প্ৰডাকচন হাউচ আৰম্ভ কৰি নতুন নতুন ছবি মুকলি কৰা কাৰ্যৰ জৰিয়তে ক্ৰিকেটাৰসকলে বহু দিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ জানিব পৰা গৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। লেটছ চিনেমাৰ প্ৰতিবেদন অনুসৰি এম এছ ধোনী আৰু সাক্ষীয়ে দক্ষিণৰ চিনেমাত ধোনী এণ্টাৰটেইনমেণ্ট (ধোনী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড)ৰ নিজা শাখা আৰম্ভ কৰিবলৈ সাজু হৈছে। মিডিয়া পৰ্টেলৰ টুইটাৰ হেণ্ডেলত এটা টুইট শ্বেয়াৰ কৰা হৈছে, য’ত লিখা আছে, ‘মাহীয়ে তামিল, তেলেগু আৰু মালায়ালম ভাষাত ছবি নিৰ্মাণৰ বাবে দক্ষিণত নিজৰ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী ‘ধোনী এণ্টাৰটেইনমেণ্ট’ আৰম্ভ কৰিছে।

ধোনী এণ্টাৰটেইনমেণ্টে এই মতাদৰ্শৰে কাম কৰিব
বিগত বছৰ ধোনী এন্টাৰটেইনমেন্টে ইনষ্টাগ্ৰামত এটা নতুন ল'গ'ৰ সৈতে এটা কেপচন মুকলি কৰিছিল। "ধোনী এন্টাৰটেইনমেন্টে মননশীল মনোৰঞ্জনত বিশ্বাস কৰে, কিয়নো গণমাধ্যম এক শক্তিশালী অাহিলা যাক দায়িত্ব সহকাৰে ব্যৱহাৰ কৰিব লাগে।"- এই মতাদৰ্শক মনত ৰাখি আমি আমাৰ নতুন ৱেবচাইট মুকলি কৰিবলৈ অতিশয় উৎসাহিত হৈছো বুলি প্ৰডাকচন হাউছটোৱে প্ৰকাশ কৰে।

ধোনীয়ে বলীউডৰ সলনি দক্ষিণৰ এই তাৰকাসকলৰ সৈতে কাম কৰিব
কোৱা হৈছে যে এম এছ ধোনীয়ে আল্লু অৰ্জুন, জুনিয়ৰ এন টি আৰ, ধনুষ, সূৰিয়া আদিৰ দৰে দক্ষিণৰ ছুপাৰষ্টাৰৰ সৈতে কাম কৰাৰ পৰিকল্পনা কৰিছে, কিন্তু বলীউডৰ অভিনেতাসকলৰ সৈতে কোনো পৰিকল্পনা নাই। ইয়াৰ এটা ডাঙৰ কাৰণ হ’ল ধোনীৰ আই পি এল দল চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ সৈতে থকা মোহ আৰু সংযোগ। দক্ষিণৰ ৰাইজেও ক্ৰিকেটাৰজনক বহুত মৰম দিয়ে। ইয়াৰ বাহিৰেও বিশেষকৈ তামিলনাডুত ধোনী অতি জনপ্ৰিয়।

Post a Comment

Previous Post Next Post