মাজুলীৰ তেজস্বিতাৰ মৃত্যুৰ দ্বিতীয় পৰ্যায়ৰ ৰাজহুৱা শুনানিত মাজুলীৰ বিভিন্ন দল-সংগঠনৰ আজি সাক্ষ্য প্ৰদান


 

মাজুলীৰ গড়মূৰস্থিত শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত যোৱা ৫ অক্টোবৰত আকস্মিক ভাবে মৃত্যুক সাৱতি লোৱা মাজুলীৰ প্ৰতিভাধৰ শিশু শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণাৰ পাছতে তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল মাজুলী জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ড' সঞ্জীৱ  কুমাৰ ফুকন আৰু মাজুলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়দীপ ৰজকে । যোৱা ৬ অক্টোবৰৰ পৰা তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰ পৰ্যন্ত কাৰ্যালয় খোলা অৱস্থাত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ঘটনাৰ সংক্ৰান্তত কোনো প্ৰত্যক্ষদর্শী, আগ্রহী ব্যক্তি, জিলাবাসী ৰাইজ বা দল-সংগঠনে নিজৰ ভাষ্য প্ৰদান কৰিবলৈ তদন্তকাৰী বিষয়া ড° সঞ্জীব কুমাৰ ফুকনে এক নিৰ্দেশনা যোগে আহ্বান জনাইছিল যদিও কোনো ব্যক্তি দল-সংগঠনে নিজৰ সাক্ষ্য প্ৰদান নকৰিলেহি । যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত শুনানি গ্ৰহণৰ দিন অহা ১৯ অক্টোবৰলৈ বৃদ্ধি কৰে ।


লক্ষণীয়ভাৱে নিদিষ্ট সময়ৰ ভিতৰত কোনো লোক বা দল-সংগঠনে তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য প্ৰদান নকৰাত চ'চিয়েল মেডিয়াত সৰৱ চৰ্চা চলিছিল। মাজুলীবাসীৰ আৱেগক লৈ বহুতে সমালোচনা কৰিছিল। অৱশেষত  সকলো সমালোচনাক নস্যাৎ কৰি আজি জিলাখনৰ কেবাটাও দল-সংগঠনৰ বিষয়ববীয়া-প্ৰতিনিধি ঘটনাৰ তদন্তকাৰী বিষয়াৰ ওচৰত উপস্থিত হৈ মাজুলীৰ পঁয়া লগা চিকিৎসা ব্যৱস্থা আৰু চিকিৎসক-কৰ্মীৰ অৱহেলাৰ বাবেই যে তেজস্বিতাৰ অকাল মৃত্যুৰ প্ৰসংগত ভাষ্য প্ৰদান কৰে। আজি মাজুলী জিলাৰ অতিৰিক্ত দণ্ডাধীশ ড' সঞ্জীৱ কুমাৰ ফুকনৰ ওচৰত তেজস্বিতাৰ মৃত্যু প্ৰসংগত ভাষ্য প্ৰদান কৰে ক্ৰমে সদৌ মাজুলী জিলা ছাত্ৰসন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী সমিতি, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা মাজুলী সমিতি আৰু মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি বৰ্গই। তদন্তকাৰী বিষয়াগৰাকীয়ে জানিবলৈ দিছে যে তেজস্বিতা বৰুৱাৰ পিতৃৰ লগতে উক্ত দিনা চিকিৎসালয়ত উপস্থিত থকা পৰিয়ালৰ ব্যক্তিৰ এই সন্দৰ্ভত ভাষ্য কিছুদিন পাছত গ্ৰহণ কৰা হ'ব।


Post a Comment

Previous Post Next Post