নিশা কৰিমগঞ্জ আৰক্ষী আৰু সীমান্ত ৰক্ষী বাহিনীৰ যৌথ অভিযান। অভিযানত জব্দ ৪০ কোটি টকা মূল্যৰ হেৰ’ইন। ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান অসম তথা উত্তৰ–পূব ভাৰত ইতিহাসত সৰ্ববৃহৎ সফলতা বুলা জানিবলৈ দিয়ে উপ–আৰক্ষী অধীক্ষকে। এই অভিযানত জব্দ ৭৬৪টাকৈ হেৰ’ইনভৰ্তি চাবোনৰ বাকচ। জব্দকৃত হেৰ’ইনখিনিৰ ওজন ৯ কেজিৰ অধিক। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ কোটি টকা।
গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু সীমান্ত ৰক্ষী বাহিনীৰ জোৱানসকলে অভিযান চলাই চহৰখনৰ নিলগৰ বাইপাছ এলাকাৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ। মিজোৰামৰ পৰা অহা চিমেণ্টভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছখিনি। AS11BC7975 নম্বৰৰ ট্ৰাকৰ কেবিনৰ ভিতৰত গোপন চেম্বাৰ বনাই অনা হৈছিল ড্ৰাগছখিনি।
মিজোৰামৰ পৰা ত্ৰিপুৰালৈ নি থকা হৈছিল এই বুজন পৰিমানৰ ড্ৰাগছ। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, যোৱা কেইবামাহ ধৰি এনেদৰে চিমেণ্টভৰ্তি ট্ৰাকৰ যোগেদি ত্ৰিপুৰালৈ ড্ৰাগছ সৰবৰাহ কৰা হৈছিল। যোৱা দুদিন ধৰি আৰক্ষী আৰু সীমান্ত ৰক্ষী বাহিনীয়ে ট্ৰাকৰ ওপৰত দৃষ্টি ৰাখিছিল বুলি জানিবলৈ দিয়ে।
Tags:
National