কাজিৰঙাত এটা প্ৰাপ্তবয়স্ক গঁড়ক ট্ৰাকে খুন্দিওৱাৰ দৃশ্য এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল। এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত আহত হৈছিল এটা গঁড়। যি ভিডিঅ’ই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছচিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউদৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনে।
সোমবাৰে IFS বিষয়া পাৰবীন কাছৱানে টুইটাৰত শ্বেয়াৰ কৰিছিল এই ভিডিঅ’। সেই পোষ্ট ৰিশ্বেয়াৰ কৰি ৰবিনাই লিখিছে, ‘‘বনাঞ্চল কাটি বনোৱা ৰাস্তা-ঘাই পথবোৰত আমি কিয় বেৰ দিব নোৱাৰো? আণ্ডাৰ/ অভাৰ পাছৰ অতি প্ৰয়োজন! আমি কেতিয়া শিকিম আৰু কৰিম!’’
উল্লেখযোগ্য যে সোমবাৰে এই ঘটনা সংঘটিত হোৱাৰ পিছতে আহত গঁড়টো বিচাৰি অভিযান চলাইছিল বন বিভাগে। চিকিৎসাৰ বাবে হাতী আৰু ড্ৰোণেৰে গঁড়টো বিচাৰি চলাইছিল অভিযান। কিন্তু গঁড়টোৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল।
Tags:
Entertainment