ঘটনা স্থলীত জোনাই আৰু ধেমাজি SDRF আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। সন্ধানহীন কন্যা শিশুটি অমিয় দলেৰ এবছৰীয়া কন্যা ঐকনেং দলে বুলি জানিব পৰা গৈছে৷
জোনাইত যোৱানিশা সংঘটিত হৈছে এক শোকাৱহ নাও দুৰ্ঘটনা৷ এটি ১ বছৰীয়া শিশু নিখোজ হয় এই নাও দুৰ্ঘটনাত৷ জোনাইৰ চিমেন চাপৰিৰ কাংকান চাপৰিৰ পৰা এখন টুলুঙা নাৱেৰে ৭জন লোক লম্বা চাপৰিলৈ গৈ থকা সময়তে উক্ত শোকাৱহ দুৰ্ঘটনাতো সংঘটিত হয়।নাৱত থকা ৭ জনৰ ভিতৰত ৪ গৰাকী পুৰুষ আৰু এগৰাকী মহিলাসহ এজন কিশোৰ ৰক্ষা পৰে যায় যদিও এবছৰীয়া এগৰাকী কন্যা শিশু বৰ্তমানলৈ নিখোজ হৈ আছে।নাৱত থকা ৭ জনৰ ভিতৰত ৪ গৰাকী পুৰুষ আৰু এগৰাকী মহিলাসহ এজন কিশোৰ ৰক্ষা পৰে যায় যদিও এবছৰীয়া এগৰাকী কন্যা শিশু বৰ্তমানলৈ নিখোজ হৈ আছে।