শৃংগাৰ গৌৰী-জ্ঞানৱাপী মছজিদ গোচৰত আজি ৰায় দিবলৈ সাজু বাৰাণসী আদালত


 

'শিৱলিংগ'ৰ দৰে গাঁথনিৰ কাৰ্বন ডেটিং দাবী কৰা হিন্দু পক্ষৰ পৰা স্পষ্টীকৰণ শুনি বাৰাণসী আদালতে আজি দুপৰীয়া ২ বজাত জ্ঞানৱাপী গোচৰৰ ৰায় ঘোষণা কৰিবলৈ সাজু হৈছে। জানিব পৰা মতে, আদালতে বিগত ৭ অক্টোবৰত হিন্দু পক্ষৰ পৰা স্পষ্টীকৰণ শুনিছিল।

স্পষ্টীকৰণ দাখিল কৰাৰ পিছত হিন্দু পক্ষৰ এজন পৰামৰ্শদাতাই কয়, "আদালতে এই বিষয়ত আদেশ দিয়াৰ আগতে এই সন্দৰ্ভত কিছু স্পষ্টীকৰণ বিচাৰিছিল আৰু সেয়েহে আমি আদালতৰ সন্মুখত আমাৰ স্পষ্টীকৰণ দিছো।"

উল্লেখ্য যে, বিগত ২৯ ছেপ্টেম্বৰত, আদালতে জ্ঞানৱাপী মছজিদ-শৃংগাৰ গৌৰী জটিল গোচৰত ইয়াৰ সিদ্ধান্ত সংৰক্ষিত ৰাখিছিল। ইফালে, ২২ ছেপ্টেম্বৰত হিন্দু পক্ষই 'শিৱলিংগ' সদৃশ গাঁথনিৰ কাৰ্বন ডেটিং আৰু অন্যান্য বৈজ্ঞানিক পৰীক্ষাৰ দাবী জনাইছিল। কিন্তু হিন্দু পক্ষৰ বাদী ৰাখী সিং আৰু মুছলমান পক্ষৰ অঞ্জুমান ইনাজানিয়া মাছাজিদ সমিতি দুয়োপক্ষৰ তৰফৰ পৰা কাৰ্বন ডেটিঙৰ বিৰোধিতা কৰিছিল। উকীলসকলে আদালতত উদ্বেগ প্ৰকাশ কৰিছিল যে কাৰ্বন ডেটিঙে গাঁথনিটোৰ ক্ষতি কৰিব। মুছলিম পক্ষই কাৰ্বন ডেটিঙত আপত্তি জনাইছিল আৰু দাবী কৰিছিল যে বস্তুটো 'শিৱলিংগ'ৰ সলনি এটা ফাউন্টেইনহে আছিল।
১২ ছেপ্টেম্বৰত বাৰাণসী জিলা আদালতে উচ্চ-প্ৰফাইল শৃংগাৰ গৌৰী-জ্ঞানৱাপী মছজিদ গোচৰটো বজাই ৰখাৰ যোগ্য বুলি ঘোষণা কৰিছিল। দুয়োপক্ষৰ যুক্তি শুনি জিলা ন্যায়াধীশ অজয় কৃষ্ণ বিশ্বেসে ২৪ আগষ্টত আদালতৰ সিদ্ধান্ত সংৰক্ষিত ৰাখে।

গোচৰটোত হিন্দু পক্ষৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা বিষ্ণু শংকৰ জৈনৰ মতে, আদালতে মুছলমান পক্ষৰ আৱেদন অস্বীকাৰ কৰে আৰু গোচৰটো বজাই ৰখাৰ যোগ্য বুলি ঘোষণা কৰে।

জ্ঞানৱাপী মছজিদ-শৃংগাৰ গৌৰী গোচৰত চাৰিগৰাকী মহিলাই ১৬ মে'ত মছজিদৰ অধিবক্তা আয়ুক্ত জৰীপৰ সময়ত আৱিষ্কৃত 'শিৱলিংগ'ৰ প্ৰকৃতি, বয়স আৰু গঠন নিৰ্ণয় কৰিবলৈ বৈজ্ঞানিক অনুসন্ধান আৰু কাৰ্বন ডেটিঙৰ বাবে আবেদন দাখিল কৰিছিল। এই জৰীপটো ৬ মে'ৰ পৰা ১৬ মে'ৰ ভিতৰত কৰা হৈছিল, আৰু শেষৰ দিনটোত, হিন্দু পক্ষৰ পৰামৰ্শদাতাই মছজিদৰ স্নান পুখুৰীত এটা 'শিৱলিংগ' পোৱা বুলি দাবী কৰিছিল।
সংবেদনশীল শৃংগাৰ গৌৰী-জ্ঞানৱাপী কমপ্লেক্স গোচৰত দাখিল কৰা মূল গোচৰটোত ঐতিহাসিক কাশী বিশ্বনাথ মন্দিৰটো পুনৰুদ্ধাৰৰ বাবে আহ্বান জনোৱা হৈছিল য'ত এতিয়া জ্ঞানৱাপী মছজিদ আছে।

Post a Comment

Previous Post Next Post