বৰপেটাত অসম গণ পৰিষদৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে পালন


 

বৰপেটা পৌৰসভাৰ খেলপথাৰত আজি অসম গণ পৰিষদৰ ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে ৷ অগপৰ সভাপতি অতুল বৰাই পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুকলি কৰে।


প্ৰতিষ্ঠা দিৱস উপলক্ষে অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কুমাৰ দীপক দাস, ফণীভূষণ চৌধুৰী, ভূপেন ৰয়, নুৰুল ইছলাম, গুনীন্দ্ৰ নাথ দাস, ডাঃ তাৰাপ্ৰসাদ দাস, সত্যব্ৰত কলিতা আদি অগপৰ বহু নেতাই অংশ লয় ৷
মুকলি সভাৰ আৰম্ভণিতে শ্বহীদ পৰিয়ালসমূহক দলৰ সভাপতি অতুল বৰাসহ কেন্দ্ৰীয় নেতৃবৰ্গই সম্বৰ্ধনা জনায় ৷ অগপ সভাপতি অতুল বৰাই মুকলি সভাত প্ৰদান কৰা বক্তব্যত দলক শক্তিশালী কৰাৰ স্বাৰ্থত স্বাগত সতীৰ্থ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ৷ অগপই স্বাগত সতীৰ্থ অভিযানৰ জৰিয়তে দলত নতুনকৈ ২৫ লাখ নতুন সদস্যভৰ্তিৰ লক্ষ্য লোৱা বুলিও মন্তব্য কৰে ৷ কাইলৈৰ পৰাই অগপৰ স্বাগত সতীৰ্থ অভিযান কাৰ্যসূচী আৰম্ভ হ'ব বুলিও ঘোষণা কৰে অতুল বৰাই ৷

আনহাতে '২১ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত কেইবাটাও নতুন ৰাজনৈতিক দল গঠন হোৱাৰ কথা উল্লেখ কৰি অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় দলৰ নাম সলনি কৰি ভূঞা ট্ৰাষ্ট দল কৰাৰ আহ্বান জনায় অতুল বৰাই ৷ অসম গণ পৰিষদক অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল বুলি অভিহিত কৰি অগপক শক্তিশালী কৰিবলৈ আহ্বান জনায় তেওঁ ৷

আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মাটিৰ পৰা কংগ্ৰেছ উৎখাত হ'ব বুলিও মন্তব্য কৰে৷  ইপিনে যিকেইটা সমষ্টি অগপ মিত্ৰজোঁটৰ হাতl নাই, সেইকেইটা সমষ্টি উদ্ধাৰৰ চেষ্টা চলাব অগপই ৷ ইপিনে বৰপেটা আসনখনৰ ওপৰত অগপই চকু ৰাখিছে বুলিও উল্লেখ কৰে অতুল বৰাই ৷

Post a Comment

Previous Post Next Post