এক শোকাৱহ মটৰচাইকেল দুৰ্ঘটনাত কৰুণভাৱে অকাল মৃত্যুক আঁকোৱালি লোৱা সেনা জোৱান অশোক ৰায়ৰ আজি ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা শ্মশান ঘাটত এক শোকাকুল পৰিৱেশৰ মাজত সামৰিক মৰ্যাদাৰে অন্তিম সৎকাৰ সম্পন্ন কৰা হয়।
ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা গাঁৱৰ বাসিন্দা শান্ত ৰায়ৰ পুত্ৰ তথা
ভাৰতীয় সেনা বাহিনীৰ ২৮১ নং ফিল্ড ৰেজিমেন্টত কৰ্মৰত অশোক ৰায় যোৱা ১২ অক্টোবৰৰ দিনা কোকৰাঝাৰ জিলাৰ তুলসীবিলত এক মটৰ চাইকেল দুৰ্ঘটনাত নিহত হৈছিল।
পিছত আৰক্ষী আৰু সেনা বাহিনীৰ তত্ত্বাৱধানত বৰপেটা মেডিকেল কলেজ হাস্পতালত অশোক ৰায়ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি সেনাবাহিনীৰ লোকে ৰায়ৰ মৃতদেহ ধুবুৰী জিলাৰ তামাৰহাট থানৰ অন্তৰ্গত উজানপেটলা গাঁওস্থিত নিজা ঘৰলৈ লৈ আহে ।
অশোক ৰায়ৰ মৃতদেহ নিজা ঘৰলৈ আহি পোৱাৰ লগে লগে মা-দেউতা, আত্মীয়–স্বজনসকল কান্দোনত ভাগি পৰে আৰু ঘৰখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ঘৰত অসংখ্য গুণমুগ্ধ তথা আত্মীয়–স্বজনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত সেনাবাহিনীৰ এখন সুসজ্জিত বাহনেৰে ৰায়ৰ মৃতদেহ ঘৰৰ পৰা স্থানীয় শ্মশান ঘাটলৈ লৈ যোৱা হয়।
মৃত্যুৰ সময়ত অশোক ৰায়ে মাক-দেউতাক, তিনি গৰাকী ভাই-ককাই আৰু আত্মীয়-স্বজনক এৰি থৈ যায় । সহজ- সৰল স্বভাৱৰ অবিবাহিত মাত্ৰ ২০ বছৰ বছৰীয়া সেনা জোৱান অশোক ৰায়ৰ অকাল মৃত্যুত বৃহত্তৰ তামাৰহাট অঞ্চলত গভীৰ শোকৰ ছাঁ বিয়পি পৰিছে।

Tags:
National