ছচিয়েল মিডিয়াত চৰ্চিত এজন লোক হৈছে শুকুৰ আলী। শুকুৰ আলী বুলিলে অসমত হয়তো এতিয়া চিনি নোপোৱা লোক নাই! বিগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিয়াৰ পিছৰে পৰা চৰ্চিত হৈ পৰিছিল শুকুৰ। সময়ে সময়ে নিজৰ মন্তব্যক লৈ বা আন কাৰণত ছচিয়েল মিডিয়াত ভাইৰেল হৈ থাকে শুকুৰ আলী। শুকুৰক লৈ ছচিয়েল মিডিয়াত ওলায় মিম।
শেহতীয়াকৈ ছচিয়েল মিডিয়াত শুকুৰ আলীৰ বিয়াৰ খবৰ ভাইৰেল হৈছিল। বিবাহপাশত আবদ্ধ হৈছিল শুকুৰ আলী। গোসাঁইগাঁও মহকুমাৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱৰ সমিনা খাতুনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল শুকুৰ আলী।ছচিয়েল মিডিয়াত শুকুৰৰ বিয়াক লৈ চৰ্চা চলিছিল যদিও শুকুৰে বিয়াৰ কোনো ফটো শ্বেয়াৰ কৰা নাছিল। সেয়া এংগেজমেণ্টহে আছিল বুলি কৈছিল শুকুৰে। কিন্তু শেহতীয়াকৈ পত্নীৰ সৈতে ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰিছে শুকুৰে। শুকুৰে শ্বেয়াৰ কৰা এই ফটো এতিয়া ভাইৰেল হৈ পৰিছে।