নিপন গোস্বামীৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি– সৰ্বানন্দ সোণোৱাল


 

আজি অসমৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ দেহৱসান হয়। তেওঁৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিপন গোস্বামীৰ পুৰণি ছবিবোৰ চোৱাৰ দিনবোৰ সোঁৱৰে কেন্দ্ৰীয় মন্ত্ৰীজনে।


তেওঁ উল্লেখ কৰে , "অসমৰ সাংস্কৃতিক আকাশৰ পৰা নোহোৱা হ'ল এটি উজ্জ্বল ভোটাতৰা। আমাৰ সকলোৰে প্ৰিয় নিপনদাৰ প্ৰয়াণৰ খবৰ পাই শোকস্তব্ধ হৈ পৰিছোঁ। তাহানিতে ৰূপালী পৰ্দাত সুদৰ্শন নায়ক নিপনদা অভিনীত বহুকেইখন জনপ্ৰিয় চিনেমা চোৱাৰ সোণালী দিনবোৰ মনত পুনৰ ভাঁহি উঠিছে।’’

নিপন গোস্বামীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। লগতে অভিনেতাজনে চলচিত্ৰ জগতত আগবঢ়াই যোৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে মন্ত্ৰীজনে।

ইয়াৰোপৰি তেওঁ লিখিছে,  ‘‘১৯৬০ দশকৰ পৰা অজস্ৰ দৰ্শকৰ হৃদয়ত সাঁচ বহাই সৌ সিদিনালৈ অসমীয়া চলচ্চিত্ৰ জগতত সপ্ৰতিভ হৈ থকা নিপন গোস্বামীদেৱৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। বিভিন্ন স্মৰণীয় চৰিত্ৰ ৰূপায়ণেৰে অভিনয়ৰ ক্ষেত্ৰলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান আমি শ্ৰদ্ধাৰে সুঁৱৰি যাম। নিপনদাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু অজস্ৰ গুণমুগ্ধৰ দুখৰ সমভাগী হৈছোঁ।"

মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  অভিনেতাজনৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Post a Comment

Previous Post Next Post