চিৰবিদায় ল’লে চিৰসেউজ অভিনেতা নিপন গোস্বামীয়ে। আজি পুৱা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত জীৱন নাটৰ সামৰণি মাৰিলে প্ৰখ্যাত অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অসম। বিগত কিছুদিন ধৰি অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল নিপন গোস্বামী।
সৰুৰে পৰা অভিনয়ৰ প্ৰতি আসক্ত আছিল নিপন গোস্বামী। স্কুলীয়া জীৱনতে নাটকত অভিনয় কৰাৰ লগতে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল নিপন গোস্বামীয়ে। বিভিন্ন নাটক, ভিচিডি, টেলিফিল্ম, ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে ১০০ৰো অধিক ছবিত অভিনয় কৰিছে নিপন গোস্বামীয়ে।
সাংস্কৃতিক পৰিৱেশ এটা নিপন গোস্বামীয়ে ঘৰতেই পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচোজন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া। বাণ ৰঙ্গমঞ্চত নিয়মিতভাৱে চলি থকা নাটক চায়েই তেওঁ অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল।
স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল। আঠ বছৰ বয়সত তেওঁ ‘লাচিত বৰফুকন’ নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ লগত অভিনয় কৰিছিল। হাইস্কুলত পঢ়া কালতো নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।
১৯৬৫ চনত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। তাত ২ বছৰীয়া শিক্ষা সমাপ্ত কৰে। সেই সময়ত সুভাষ ঘাই, শত্ৰুঘ্ন সিন্হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি আছিল তেওঁৰ সহপাঠী। বলিউদৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউদৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল। ‘পুনে ফিল্ম ইনষ্টিটিউট’ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ ‘সংগ্ৰাম’ বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণ মৰ্মেই নিপন গোস্বামীয়ে ‘সংগ্ৰাম’ বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে।

পুনেৰ নেচনেল স্কুল অব ড্ৰামাৰ স্নাতক নিপন গোস্বামীয়ে অভিনয় জীৱনৰ আৰম্ভণিতে হিন্দী ছবিত অভিনয় কৰিছিল। বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা একমাত্ৰ অসমীয়া অভিনেতা নিপন গোস্বামী। ‘দো আনজানে’ ছবিত অমিতাভ বচ্চনৰ সহশিল্পী আছিল গোস্বামী।
নিপন গোস্বামীয়ে অভিনয় কৰা অসমীয়া ছবিসমূহৰ অন্যতম হ’ল – সংগ্ৰাম, ডক্তৰ বেজবৰুৱা, শেষ বিচাৰ, আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী, নয়নমণি, দূৰণিৰ ৰং, ঘৰ সংসাৰ, জীৱন সুৰভি, প্ৰতিমা, পূজা, মৰিচিকা, মইনাজান, মানৱ আৰু দানৱ, শকুন্তলা আৰু শংকৰ জোচেফ আলী, প্ৰতিদান, ছিৰাজ, হিয়া দিয়া নিয়া, ককাদেউতাৰ ঘৰজোঁৱাই, কাদম্বৰী, মিঠা মিঠা লগনত, পলে পলে উৰে মন, ব’হাগৰ দুপৰীয়া, অঘৰী আত্মা, জীৱন বাটৰ লগৰী, বৰুৱাৰ সংসাৰ, আই মোৰ জনমে জনমে, প্ৰিয়া মিলন, বৰলাৰ ঘৰ।
তেওঁ অভিনয় কৰা বাংলা ভাষাৰ ছবি হ’ল – তুষাৰতীৰ্থ অমৰনাথ, মৌ শেৰ, দেবাঞ্জলী, দুৰন্ত চৰাই। আনহাতে, গোস্বামীয়ে অভিনয় কৰা হিন্দী ছবিসমূহ হ’ল – দো অনজানে, জগ্গু, দো ভাই, মৌকা, বিৰোধী আৰু কালসন্ধ্যা।

Tags:
Entertainment