চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে সুখবৰ



 বুধবাৰে কেবিনেটে ২০২২ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ডিয়াৰনেছ ভাট্টা বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনায়।


দেশত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখৰো অধিক পেঞ্চনাৰে এতিয়া এই সুবিধাৰ অংশীদাৰ হ'ব পাৰিব। মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ক্ৰমে অধিক পৰিমাণৰ ডিয়াৰনেছ এলাৱেন্স (DA) আৰু ডিয়াৰনেছ ৰিলিফ (DR)ৰ অধিকাৰী হ’ব, যিটো ২০২২ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব।”
শেহতীয়া ঘোষণা অনুসৰি ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলক তেওঁলোকৰ শেহতীয়া দৰমহাৰে বকেয়া ধন প্ৰদান কৰা হ’ব, যিয়ে প্ৰায় ৪৭.৬৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেঞ্চনাৰক উপকৃত কৰিব।

উল্লেখ্য, সপ্তম দৰমহা আয়োগৰ ন্যূনতন মৌলিক দৰমহা ১৮ হাজাৰ আৰু কেবিনেট সচিবৰ পৰ্যায়ত ৫৬ হাজাৰ ৯০০ টকা। ৩৮ শতাংশৰ মতে মূল দৰমহা ১৮ হাজাৰ টকাৰ ওপৰত বাৰ্ষিক ডি এৰ মুঠ বৃদ্ধি হ’ব ৬৮৪০ টকা। এমাহত বৃদ্ধি পাব ৭২০ টকা। সৰ্বোচ্চ মৌলিক দৰমহাৰ ব্ৰেকেট ৫৬,৯০০ টকাত বাৰ্ষিক মূল্যবৃদ্ধি ভাট্টাত মুঠ বৃদ্ধি হ’ব ২৭,৩১২ টকা। একে সময়তে ইয়াৰ পৰা মাহটোত মুঠ ২২৭৬ টকা বৃদ্ধি হ’ব৷

Post a Comment

Previous Post Next Post