বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে আফ্ৰিকাৰ দেশ গাম্বিয়াৰ ৬৬ টা শিশুৰ মৃত্যু হ’ব পাৰে ভাৰতীয় কোম্পানী এটাৰ দ্বাৰা নিৰ্মিত কাহৰ ঔষধ সেৱন কৰি। ভাৰতৰ মেটন ফাৰ্মাচিউটিকেলছ লিমিটেডে নিৰ্মিত ৪ টা কাহ আৰু চৰ্দি ঔষধ পৰীক্ষা কৰি বিশ্ব স্বাস্থ্য সংস্থাই এই সতৰ্কবাণী জাৰি কৰিছে। লগতে কোৱা হৈছে যে এই ঔষধবোৰ হয়তো পশ্চিম আফ্ৰিকাৰ দেশসমূহত ব্যাপকভাৱে বিতৰণ কৰা হৈছিল।
হাৰিয়ানাত মুখ্য কাৰ্যালয় থকা মাইডান ফাৰ্মাচিউটিকেলছ লিমিটেডে প্ৰস্তুত কৰা প্ৰ’মেথাজিন অৰেল ছলিউচন, ক’ফেক্সমালিন বেবী কাফ চিৰাপ, মেকফ বেবী কাফ চিৰাপ আৰু মেগ্ৰিপ এন ক’ল্ড চিৰাপ সেৱন নকৰিবলৈ পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই।
গাম্বিয়াত বৃক্কৰ ক্ষতিৰ ফলত ৬৬টা শিশুৰ মৃত্যু হয়, আৰু ১৯ জুলাইত তদন্ত আৰম্ভ কৰা হয়। ৯ ছেপ্টেম্বৰত গাম্বিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে চিকিৎসালয়সমূহক পেৰাচিটামল চিৰাপ ব্যৱহাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।ৰোগীৰ ক্ষতি ৰোধ কৰিবলৈ এই ঔষধবোৰ প্ৰচলনৰ পৰা আঁতৰাই পেলাব লাগে বুলি সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছে।
এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোৰ তদন্ত ত্বৰান্বিত কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত উল্লেখ কৰা হৈছে যে ২৯ তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাই ক্ষতিকাৰক ঔষধৰ বিষয়ে সতৰ্ক কৰি দিছিল। তৎক্ষণাত হাৰিয়ানা চৰকাৰৰ সৈতে যোগাযোগ কৰা কেন্দ্ৰীয় চৰকাৰৰ ড্ৰাগ গুণগত নিয়ন্ত্ৰণ ব’ৰ্ডে পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিয়ে।
Tags:
National
