শনিবাৰে মহানগৰীৰ প্ৰতিক্ষা হাস্পতালৰ সন্মুখত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে অঞ্চলবাসীক। গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ কৰি দুৰ্বিত্তই হত্যা কৰে এজন পশু চিকিৎসক তথা যুৱ ব্যৱসায়ীক। জানিব পৰা মতে, হত্যাৰ বলি হোৱা চিকিৎসক তথা ব্যৱসায়ীজনৰ নাম খঞ্জিত মেধি।
ইতিমধ্যে হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত নিশাই দিছপুৰ আৰক্ষীয়ে সুভাষ বসুমতাৰী নামৰ এজন লোকক আটক কৰে আৰু এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
শনিবাৰে নিশা প্ৰায় ১০ বজাত প্ৰতিক্ষা হাস্পতালৰ সন্মুখত থকা 77 ৰেষ্টুৰেন্টৰ মালিক আৰু এজন বন্ধুৰ সৈতে ৰেষ্টুৰেন্টখনত বহি থকা অৱস্থাত সংঘটিত হয় এই হত্যাকাণ্ড।
অভিযোগ অনুসৰি ৰেষ্টুৰেন্টখনত কৰ্মৰত হৈ থকা সুভাষ বসুমতাৰীৰ মাতৃ ঊষা বসুমতাৰীয়ে পাবলৈ আছিল ৪ হাজাৰ টকা। এই টকা বিচৰাৰ সময়তে সুভাষৰ সৈতে বাক বিতণ্ডা হৈছিল ৰেষ্টুৰেন্টখনৰ মালিকৰ। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, বাক বিতণ্ডাৰ মাজতেই দুৰ্বিত্ত সুভাষে খঞ্জিতক হত্যা কৰিছিল। মন কৰিবলগীয়া যে, আৰক্ষীৰ তদন্তত সুভাষ ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে।
আনহাতে সমগ্ৰ হত্যাকাণ্ডক লৈ খঞ্জিতৰ পৰিয়ালৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ অভিযোগ অনুসৰি, খঞ্জিতক সুৰাপান কৰাই ৰেষ্টুৰেন্টখনত বন্ধু কেইজনে পৰিকল্পিতভাৱে হত্যা কৰিছে। ইয়াৰোপৰি খঞ্জিতৰ ব্যৱসায়ত বহু টকাৰ লেন দেন থকা বুলিও অভিযোগ উঠিছে।