কোনো ধৰণৰ কোচিং নোলোৱাকৈয়ে APSCৰ পৰীক্ষাত সফলতা মণিকংকনাৰ


 

শুকুৰবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষা (APSC)ত ৬৩ তম্ স্থান দখল কৰি APSত স্থান লাভ কৰিছে বৰছলাৰ বৰভগীয়াৰ গাঁৱৰ মণিকংকনা দাসে৷ কোচিং নোলোৱাকৈ মণিকংকনা দাসে APSCত ৬৩সংখ্যক স্থান দখল কৰে।


৬৩সংখ্যক স্থান লাভ কৰা মণিকংকনা দাসে লাভ কৰিব DSP পদ৷ প্ৰথমবাৰৰ বাবে বৰছলাৰ অতি ভিতৰুৱা অঞ্চলৰ পৰা এইগৰাকী যুৱতীয়ে বিগত ২০১৯ৰ পৰা APSCপৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল৷ বিগত তিনি বছৰৰ পৰা দৈনিক ১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল বুলি জানিবলৈ দিয়ে মণিকংকনাই৷

পিতৃ নিখিল দাস এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক৷ পৰৱৰ্তী সময়ত সততা–নিষ্ঠাৰে ৰাইজৰ সেৱা কৰি যাব বুলি জানিবলৈ দিয়ে মণিকংকনা দাসে৷ চেষ্টা কৰিলে সকলো সম্ভৱ বুলি কয় মণিকংকনা দাসে৷ কিয়নো কোনো ধৰণৰ কোচিং নোলোৱাকৈ কেবল নিজৰ চেষ্টাৰ বলত APSCৰ পৰীক্ষাত ৬৩তম স্থান দখল কৰি APSলাভ কৰিছে মণিকংকনা দাসে৷ মণিকংকনা দাস ক্ৰীড়াৰ ক্ষেত্ৰতো পাৰ্গত৷

Post a Comment

Previous Post Next Post