পোহৰৰ উৎসৱ দীপান্বিতাৰ শুভক্ষণত ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ বাবে এক বিশেষ খবৰ। কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধিৰ কৰাৰ কথা ঘোষণা কৰিছে। নিজৰ টুইটাৰ একাউন্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা অৱগত কৰিছে।
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰা হৈছে ৷ ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ'ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয়া বানচ লাভ কৰিব৷
উল্লেখ্য যে, এই বৃদ্ধি ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ'ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৰ্দ্ধিত মৰগীয়া বানচ লাভ কৰিব বুলিও তেখেতৰ টুইটটোত প্ৰকাশ কৰা হৈছে। এই ঘোষণাই উৎসৱৰ সময়খিনি আৰু অধিক আনন্দমুখৰ কৰি তুলিব বুলি তেখেতে আশা ব্যক্ত কৰে।
মন কৰিবলগীয়া যে, আন এক টুইটত মুখ্যমন্ত্ৰীগৰাকীয়ে সমূহ ৰাজ্যবাসীলৈ পোহৰৰ উৎসৱ দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। পোহৰৰ এই উৎসৱে জীৱনৰ ৰং উদ্ভাসিত কৰাৰ লগতে ঘৰে ঘৰে আনন্দ আৰু উৎসাহৰ বতৰা বিয়পাব বুলি মুখ্যমন্ত্ৰীজনে টুইটযোগে আশা প্ৰকাশ কৰে।
