বৰছলাত ৱাৰ্ড মেম্বাৰৰ কাম–কাজত সন্তুষ্ট হৈ ৰাইজে উপহাৰ দিলে বাইক


 

এখন গাঁৱৰ ৰাইজৰ এটা পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে বৰছলা বিধানসভা সমষ্টিৰ পিৰাকাটা পঞ্চায়তৰ লুলুকাই গাঁৱৰ ৱাৰ্ড সদস্য দিলীপ মজুমদাৰক দান–বৰঙণিৰে এখন মটৰ চাইকেল উপহাৰ দিলে ৰাইজে৷ সততে ৰাইজৰ প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰায়েই দুৰ্নীতি–অনিয়মৰ অভিযোগ শুনা যায়৷ কিন্তু ইয়াৰ বিপৰীতে বৰছলা সমষ্টিৰ এই অঞ্চলটোৰ ৰাইজে ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিলে৷ গাঁওখনৰ ৱাৰ্ড সদস্য দিলীপ মজুমদাৰৰ কৰ্মৰ বাবে ৰাইজে আন্তৰিকতাৰে নিজাববীয়াকৈ এখন বাইক ক্ৰয় কৰি পূজাৰ মাজতে দিলে উপহাৰ৷


উল্লেখযোগ্য যে ৱাৰ্ড সদস্যগৰাকীৰ মটৰ চাইকেল নাচিল, চাইকেল চলাই পঞ্চায়তৰ কাম–কাজ কৰি আহিছে৷ ইয়াৰ উপৰিও বিগত তিনিমাহ পূৰ্বে বানৰ কবলত পৰা অঞ্চলটোত ৱাৰ্ড সদস্যগৰাকীয়ে ৰাইজৰ লগত থাকি পাৰ্যমানে কৰিছিল সহায়৷ বিপদৰ সময়ত ৰাইজৰ লগত থিয় হৈছিল এই জন ৱাৰ্ড সদস্য দিলীপ মজুমদাৰ৷ ৰাইজে এইগৰাকী পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ কামত অন্তুষ্ট হৈ দান–বৰঙণিৰে এখন বাইক ক্ৰয় কৰি দিলে উপহাৰ৷পঞ্চায়তৰ এইজন ওৱাৰ্ড সদস্যই এখন বাইকৰ অভাৱত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ ৰাইজৰ লগত থকা প্ৰকৃত পঞ্চায়ত প্ৰতিনিধিজনৰ কৰ্মৰ স্বীকৃতি হিচাপে গাঁওখনৰ ৰাইজে দান–বৰঙণিৰে দিলে বাইক উপহাৰ৷ এই উপলক্ষে গাঁওখনৰ ৰাইজ, পঞ্চায়টোৰ সভানেত্ৰী, কাউন্সিলাৰ আৰু স্থানীয় লোকৰ উপস্থিতিত ৱাৰ্ড সদস্য দিলীপ মজুমদাৰক বাইকখনৰ চাবি অৰ্পন কৰে৷ গাঁওখনৰ ৰাইজৰ এই পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে এক নিদৰ্শন দাঙি ধৰিলে৷

ৰাইজৰ পৰা বাইক উপহাৰ লাভ কৰি আবেগিক হৈ পৰিল ৱাৰ্ড মেম্বাৰ দিলীপ মজুমদাৰ৷ তেওঁ কয়, মই ৰাজনীতি কৰা লোক নাছিলো৷ ৰাইজে মোক নিৰ্বাচনত অৱতীৰ্ণ কৰাইছিল আৰু জয়ীও কৰাইছিল৷ ৰাইজৰ সুখ–দুখৰ সময়ত আছো বাবেই ৰাইজে এই স্বীকৃতি দিলে।

Post a Comment

Previous Post Next Post