গুৱাহাটীক ধন্যবাদ বিৰাট কোহলীৰ ! বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশক লৈ সুখী কোহলী ...


 

গুৱাহাটীত দৰ্শকৰ উৎসাহ আৰু সমৰ্থনত আপ্লুত ভাৰতৰ বিস্ফোৰক বেটছমেন বিৰাট কোহলী। বৰ্ষাপাৰাৰ সামগ্ৰিক পৰিৱেশৰ বাবে গুৱাহাটীক ধন্যবাদ জ্ঞাপন কৰে কোহলীয়ে।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত দ্বিতীয় খন টি-২০ খেলত যথেষ্ট ৰাণ হয়। দুয়োটা দলে ২২০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰে। দুয়োটা দলৰ বলাৰসকলক গুৱাহাটীৰ উইকেটত অসহায় দেখা  যায়। ৪০ অভাৰত, ভাৰত-আফ্ৰিকাৰ বেটছমেনসকলে ৪৫৮ ৰাণ সংগ্ৰহ কৰে।
অসম ক্ৰিকেট সংস্থাই আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় খেলসমূহত প্ৰায়ে আহুকাল দেখা যায় আৰু দেওবাৰে ইয়াৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলতো হ'ল অথন্তৰ। খেলখনত ভাৰতীয় ইনিংছৰ সময়ত খেলপথাৰত এটা সাপ ওলাই আহিছিল, আনহাতে দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ সময়ত ষ্টেডিয়ামত ফ্লাডলাইট (লাইট)ত বিজুতিৰ বাবে খেলখন দ্বিতীয়বাৰৰ বাবে বন্ধ কৰিব লগা হৈছিল। তাৰ পিছতো দৰ্শকৰ উছাহ আৰু সামগ্ৰিক পৰিৱেশক লৈ সন্তোষ প্ৰকাশ কৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে।

Post a Comment

Previous Post Next Post