আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চলি আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ বিশ্বকাপ ক্ৰিকেট। কিন্তু খেল চলি থকাৰ মাজতে ইটোৰ পিছত সিটোকৈ লাগি আছে অথন্তৰ।
এইবাৰ খেল চলি থকাৰ মাজতে বন্ধ হৈ গ'ল খেলপথাৰত থকা ফ্লাড লাইট। জানিব পৰা মতে, ষ্টেডিয়ামৰ ১৩ নম্বৰ প্ৰৱেশ দুৱাৰৰ সন্মুখত থকা ফ্লাড লাইট এটা কিছু সময়ৰ বাবে বন্ধ হৈ যায়। পোহৰৰ অসুবিধা হোৱাৰ ফলত কিছুসময়ৰ বাবে পেভিলিয়নলৈ ওভতি যায় খেলুৱৈসকল। উল্লেখযোগ্য যে, এখন আন্তৰ্জাতিক খেল অনুষ্ঠিত হৈ থকাৰ মাজত ইমান ডাঙৰ কাৰিকৰী বিজুতি কিয় সংঘটিত হ'ল আৰু ফ্লাড লাইটটো কিয় বন্ধ হৈ গৈছিল, সেইবিষয়ে এইমূহুৰ্তলৈকে জানিব পৰা হোৱা নাই।
সমগ্ৰ বিশ্ববাসীয়ে উপভোগ কৰি থকা এই 'হাই-ভল্টেজ' খেলখনত ইটোৰ পিছত সিটো অথন্তৰে দৰ্শকৰ উন্মাদনা ম্লান পেলাইছে। চিন্তিত হৈ পৰিছে খেলুৱৈসকল তথা ক্ৰিকেটপ্ৰেমী দৰ্শকসকল।
ফ্লাড লাইট বন্ধ হোৱাৰ পিছত কিছুসময় ধৰি স্থগিত হৈ থকা খেলখন লাইট জ্বলাৰ লগে লগে পুনৰ আৰম্ভ হৈ পৰে।