সুদৰ ব্যৱসায়ৰে নগাঁৱৰ বহু লোকক সৰ্বস্বান্ত কৰা ইৰাণ ওৰফে ইমৰাণ হুছেইনে এগৰাকী মহিলা আৰু তেওঁৰ স্বামীক ভয়–ভাবুকি দিয়াৰ অভিযোগত নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছে। নগাঁৱত বিপদগ্ৰস্ত লোকক ১০ৰ পৰা ২০ শতাংশ সুদত ধন বিনিয়োগ কৰি লুণ্ঠন চলাই অহাৰ অভিযোগত ইৰাণক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল পূৰ্বৰ আৰক্ষী অধীক্ষক আইপিএছ বিষয়া আনন্দ মিশ্ৰই।
কেৱল লুণ্ঠনেই নহয় ভয়-ভাবুকি প্ৰদান কৰি গহনা আৰু মাটি বাজেয়াপ্ত কৰি মাফিয়াৰাজ চলাই অবৈধভাৱে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ আছে ইৰাণৰ বিৰুদ্ধে। আনন্দ মিশ্ৰৰ বদলিৰ পিছত মুকলি আকাশৰ তললৈ ওলাই অহা ইৰাণৰ বিৰুদ্ধে পুনৰ গুণ্ডামিৰ অভিযোগ উত্থাপিত হৈছিল।
পৰৱৰ্তী সময়ত ইৰাণক নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা ধ্ৰুৱ বৰাই পুনৰ গ্ৰেপ্তাৰ কৰিছিল। কিন্তু এইগৰাকী ইৰাণ শেহতীয়াকৈ পুনৰ প্ৰভাৱশালী হৈ উঠিছে। এসময়ত নগাঁও আৰক্ষীৰ ম'ষ্ট ৱাণ্টেডৰ তালিকাত থকা ইৰাণে ধনৰ বলত নগাঁৱৰ উচ্চপদস্থ আৰক্ষী মহলক মেনেজ কৰাৰ অভিযোগো উত্থাপিত হৈছে।
নগাঁও চহৰৰ ফৌজদাৰিপট্টিৰ জয়তুন হুছেইন নামৰ মহিলাগৰাকীয়ে খ্ৰীষ্টিয়ানপট্টিৰ ইৰাণ ওৰফে ইমৰাণ হুছেইন নামৰ সুদৰ ব্যৱসায়ীজনৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। অভিযোগ অনুসৰি সুদৰ ব্যৱসায়ৰ লগত জড়িত ইৰাণ ওৰফে ইমৰাণ হুছেইনে মহিলাগৰাকীৰ স্বামীক সুদৰ টকা বিচাৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে তেওঁৰ পত্নী তথা এজাহাকাৰী জয়তুন হুছেইনকো অপদস্থ কৰি অশ্লীল ইংগিত প্ৰদান কৰে, যাৰ বাবে এতিয়া ভুক্তভোগী পৰিয়ালটো কাষ চাপিছে নগাঁও আৰক্ষীৰ।
উল্লেখ্য যে, ইৰাণ ওৰফে ইমৰাণ হুছেইনে এই অবৈধ পন্থাৰে বিভিন্ন ঠাইত ক্ৰয় কৰিছে কোটি কোটি টকাৰ মাটি আৰু চাহবাগান। নগাঁও আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই নগাঁৱত শেহতীয়াভাৱে এনেধৰণৰ অপৰাধীৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। ইপিনে জনৈক মিণ্টু নামৰ এটা দালালে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত বিভিন্ন অপৰাধজনিত গোচৰ মীমাংসাৰ নামত ধন সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে। এইক্ষেত্ৰত নগাঁও আৰক্ষী অধীক্ষকগৰাকীক সৱল ভূমিকা লোৱাৰ বাবেও স্থানীয় ৰাইজে দাবী তুলিছে।