মহানগৰীৰ জালুকবাৰীত গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান


 

মহানগৰীৰ জালুকবাৰীত গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান। পদপথত অবৈধভাৱে দোকান-পোহাৰ দি থকা ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান। অৰ্ধশতাধিক দোকান-পোহাৰ উচ্ছেদ কৰিলে অভিযানকাৰী দলটোৱে।


লগতে দোকানসমূহৰ সা-সামগ্ৰীসমূহ জব্দ কৰে পৌৰ নিগমে। অনাগত দিনত পদপথত দোকান-পোহাৰ নিদিবলৈ ব্যৱসায়ীসকলক সকীয়নি দিয়ে গুৱাহাটী পৌৰ নিগমে।উল্লেখ্য যে জালুকবাৰীৰ ব্যস্ত পদপথ দখল কৰি একাংশই চলাই আহিছিল ব্যৱসায়, যাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল পথচাৰীসকল।

ইফালে, এটা ব্যক্তিগত বজাৰ গৃহ কৰ্তৃপক্ষক লাভান্বিত কৰাৰ স্বাৰ্থত এই উচ্ছেদ কাৰ্য চলোৱাৰ অভিযোগ ক্ষুব্ধ ব্যৱসায়ীসকলৰ। উক্ত বজাৰ গৃহত দোকান দিলে ব্যৱসায়ীসকলে যথেষ্ট মাচুল ভৰিব লাগিব বুলি উচ্ছেদিত ব্যৱসায়ীসকলে উল্লেখ কৰিছে।

Post a Comment

Previous Post Next Post