মিঞা মিউজিয়ামক লৈ মত ব্যক্ত কৰিলে শিল্পী জুবিন গাৰ্গে। আজি অত্যাধুনিক ৰূপত গঢ়ি তোলা যোৰহাটৰ প্ৰসিদ্ধ ইলি চিনেমাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ অহাৰ পিছত গাৰ্গে এই সন্দৰ্ভত মত ব্যক্ত কৰে।
সাংবাদিকে মিঞা মিউজিয়াম সন্দৰ্ভত জুবিন গাৰ্গৰ মত জানিবলৈ বিচৰাত তেওঁ কয়– 'অসমত মিউজিয়াম হ'লে অসমীয়া মিউজিয়াম হ'ব, মিঞা মিউজিয়াম নহয়। অসমৰ জাতি–জনজাতিৰ সংস্কৃতি সংৰক্ষণৰ বাবে এটা ভাল ডাঙৰ মিউজিয়াম হওক। কিন্তু সৰুসুৰা মিউজিয়ামৰ প্ৰয়োজন নাই।’
অসমত মিঞা মিউজিয়াম স্থাপন সন্দৰ্ভত গাৰ্গে কয় যে কোনোবা অত্যুৎসাহীয়ে হয়তো এনে মিউজিয়াম কৰিছে। তেনেকে নহয় আচলতে কথাবিলাক। তেওঁ লগতে কয় যে শংকৰদেৱ কলাক্ষেত্ৰত হ'লেও সি মিঞা মিউজিয়াম নহয়।
উল্লেখ্য, আজি ১৯৩৭ চনত প্ৰতিষ্ঠা কৰা ইলি চিনেমা হল পুনৰ নিৰ্মাণ কৰি মুকলি কৰা হৈছে জনসাধাৰণৰ বাবে। ২০১৩ চনত ডিজিটেলাইজড কৰা চিনেমা হলটোক শেহতীয়াকৈ আধুনিক মাল্টিপ্লেক্স ৰূপে গঢ়ি তোলা হৈছে।
উল্লেখ্য, আজি ১৯৩৭ চনত প্ৰতিষ্ঠা কৰা ইলি চিনেমা হল পুনৰ নিৰ্মাণ কৰি মুকলি কৰা হৈছে জনসাধাৰণৰ বাবে। ২০১৩ চনত ডিজিটেলাইজড কৰা চিনেমা হলটোক শেহতীয়াকৈ আধুনিক মাল্টিপ্লেক্স ৰূপে গঢ়ি তোলা হৈছে।
