ৰাজ্যখনত যোৱা এমাহত স্বাস্থ্য বিভাগৰ বাবে বাজিছে বিপদঘণ্টা। ১০০ৰো অধিক 'হেণ্ড-ফুট-এণ্ড-মাউথ ডিজিজ', যাক টমেটো ফ্লু নামেৰেও জনা যায়, আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে।
উল্লেখযোগ্য যে, উজনি অসমৰ ডিব্ৰুগড় জিলাত সৰ্বাধিক (১০০) লোক টমেটো ফ্লুত আক্ৰান্ত হৈছে। ইয়াৰে অধিকাংশই দুখন বিদ্যালয়ৰ পৰা আহিছে বুলি সোমবাৰে অসম ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এজন জ্যেষ্ঠ বিষয়াই জনায়। বিষয়াগৰাকীয়ে কয়, ‘দুয়োখন বিদ্যালয়ত ২৪ আৰু ২২টাকৈ ৰোগী ধৰা পৰিছিল, যিবোৰ লক্ষণৰ ওপৰত ভিত্তি কৰি ক্লিনিকেলভাৱে নিশ্চিত কৰা হৈছিল।’
স্বাস্থ্য বিভাগে জিলাসমূহক এক পৰামৰ্শ জাৰি কৰিছে যে আক্ৰান্ত শিশুসকলক ৭ দিনৰ বাবে আইছ’লেচনত ৰাখিব লাগে। তদুপৰি জিলা স্বাস্থ্য বিষয়াসকলক জিলা চিকিৎসালয়সমূহত থকা শিশু বহিঃৰোগীৰ বিভাগসমূহ আগতীয়াকৈ ধৰা পৰাৰ বাবে পৰিদৰ্শন কৰিবলৈ কোৱা হৈছে।
অৱশ্যে স্বাস্থ্য বিভাগে এতিয়াও আনুষ্ঠানিকভাৱে ৰাজ্যত ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা সংকলন কৰিব পৰা নাই৷ যদিও এই ৰোগটোৱে জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পৰা হোৱা নাই, স্বাস্থ্যসেৱা বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে টমেটো ফ্লুৰ অধিক সংক্ৰমণে, ক'ভিডৰ পৰা আৰোগ্য লাভ কৰাৰ পিছতো পুনৰ বিদ্যালয়ত উপস্থিতি প্ৰভাৱিত কৰিব পাৰে। তেওঁলোকে লগতে কয় যে প্ৰাপ্তবয়স্ক লোকসকলে এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম।
“টমেটো ফ্লুৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ মূল চাবিকাঠি হৈছে মৌলিক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা। যদি কোনো আক্ৰান্ত শিশুক এসপ্তাহৰ বাবে আইছ’লেচনত ৰখা হয়, তেন্তে সহায়ক চিকিৎসাৰ দ্বাৰা তেওঁ স্বয়ংক্ৰিয়ভাৱে সুস্থ হোৱাৰ সম্ভাৱনা আছে। এতিয়াও আমাৰ বাবে ই এক স্ব-সীমিত মৃদু ৰোগ।’- বুলি কয় অসম এন এইচ এমৰ ৰাজ্যিক মহামাৰী বিজ্ঞানী হেমেন দাসে।