মানুহৰ মনত তেওঁ আজিও ‘প্ৰভু ৰামচন্দ্ৰ’!


 

ৰামায়ণ টিভি ধাৰাবাহিকখনৰ ৩৫ বছৰ সম্পূৰ্ণ হ’ল। কিন্তু ৰামায়ণ ধাৰাবাহিকত প্ৰভু ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল আজিও বহুতৰে বাবে প্ৰভু শ্ৰীৰাম হৈয়ে আছে। প্ৰতিজন মানুহৰ মানুহৰ হৃদয়তে সাঁচ বহুৱাই গৈছিল ৰামায়ণ ধাৰাবাহিকখনে। আৰু তাৰেই এক ছবি দেখিবলৈ পোৱা গ’ল শেহতীয়াকৈ।


শেহতীয়াকৈ আইএএছ বিষয়া ড০ সুমিতা মিশ্ৰই এটা ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত দেখা গৈছে বিমানবন্দৰত অৰুণ গোভিলক ভৰিত ধৰি সেৱা জনাইছে এগৰাকী মহিলাই। ৰামায়ণৰ ‘প্ৰভু ৰামচন্দ্ৰ’ সন্মুখত দেখি আবেগিক হৈ পৰে মহিলাগৰাকী।
বাৰে বাৰে অৰুণ গোভিলৰ ভৰিত ধৰি সেৱা জনোৱাত কিছু অস্বস্তিত পৰে অভিনেতাজন। মহিলাগৰাকীৰ সৈতে থকা লোকজনেও অৰুণ গোভিলক জনালে সেৱা। এই ভিডিঅ’ এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

Post a Comment

Previous Post Next Post