নেচনেল গেমছত ব্ৰঞ্জৰ পদক লাভ বক্সাৰ শিৱ থাপাৰ, কাইলৈ স্বৰ্ণপদকৰ বাবে যুঁজ দিব দুগৰাকীয়ে

 


নেচনেল গেমছত ব্ৰঞ্জৰ পদক লাভ বক্সাৰ শিৱ থাপাৰ। ছেমিফাইনেলত ছাৰ্ভি


ছেজৰ আকাশ কুমাৰৰ হাতত ৩-২ৰ ব্যৱধানত পৰাস্ত হয় থাপা। আনহাতে মহিলা বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে অংকুশিতা বড়োৱে।


বুধবাৰে স্বৰ্ণপদকৰ বাবে যুঁজ দিব ৰূপৰ পদক নিশ্চিত কৰা অংকুশিতাই। ইয়াৰ লগতে মহিলা বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছে যুমনা বড়োৱে। ফাইলাও বসুমতাৰীয়েৰ ব্ৰঞ্জৰ পদক লাভ কৰে।
নেচনেল গেমছত ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰা অলিম্পিক জয়ী লাভলিনা বৰগোহাঁয়ে কাইলৈ স্বৰ্ণপদকৰ বাবে যুঁজ দিব।

Post a Comment

Previous Post Next Post