সাৰি নগ'ল সাধাৰণ ৰিক্সাচালকো। জুৰোড তিনিআলিত পাণদোকানীক লুট কৰাৰ পিছত এইবাৰ লুট কৰিলে ৰিক্সাচালকক।
মহানগৰীৰ বশিষ্ঠৰ কুণ্ডিল নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ দিন ডকাইতি। এগৰাকী ৰিক্সাচালকৰ পৰা ডাবি–ধমকি, মাৰধৰ কৰি লুটি নিয়ে ১০ হাজাৰ টকা।
ৰিক্সাচালক জিতেন মহন্তই জানিবলৈ দিয়া মতে, তেওঁক মাৰপিট কৰি ধন লুট কৰে
৪ জনীয়া দুৰ্বৃত্তৰ দলে। গুৰুত্বপূৰ্ণ যে মহন্তৰ ৰিক্সাত উঠা যাত্ৰীক নমাই ৪ যুৱকে মাৰপিট কৰে আৰু লুটি লৈ যায় ১০ হাজাৰ। বশিষ্ঠ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী জিতেনে।
৪ জনীয়া দুৰ্বৃত্তৰ দলে। গুৰুত্বপূৰ্ণ যে মহন্তৰ ৰিক্সাত উঠা যাত্ৰীক নমাই ৪ যুৱকে মাৰপিট কৰে আৰু লুটি লৈ যায় ১০ হাজাৰ। বশিষ্ঠ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী জিতেনে।
Tags:
National