আজি বিজয়া দশমী, মহানগৰীৰ পাণ্ডু ঘাটত বিসৰ্জন দিয়া হ’ব ১৫০ৰো অধিক প্ৰতিমা



 আজি বিজয়া দশমী অৰ্থাৎ দেৱী দুৰ্গাৰ বিদায় দিয়াৰ দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাটতো মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয় হ’ব। দুদিনীয়া কাৰ্যসূচীৰে পাণ্ডুঘাটত হ’ব প্ৰতিমা বিসৰ্জন। আজি পুৱা ১০ বজাৰ পৰা কাইলৈ সন্ধিয়া ৫ বজা পৰ্যন্ত হ’ব প্ৰতিমা বিসৰ্জন। বিগত বৰ্ষৰ দৰে আজিও পাণ্ডুঘাটত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।


প্ৰতিমা বিসৰ্জন কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ পাণ্ডুঘাট বিসৰ্জন সমিতিৰ। সুচাৰুৰূপে তথা সু-শৃংখলিতভাৱে সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালনা কৰিবলৈ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে সমিতিয়ে। এইবাৰ গুৱাহাটী মহানগৰীৰ ১৫০ৰো অধিক প্ৰতিমা বিসৰ্জন হ’ব বুলি বিসৰ্জন সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।
পূজা সমিতিসমূহে বিসৰ্জনৰ বাবে পালন কৰিব লাগিব কেতবোৰ নীতি-নিয়ম। প্ৰতিখন মণ্ডপৰ কেৱল নিৰ্দিষ্টসংখ্যক লোককহে ঘাটলৈকে যোৱাৰ অনুমতি দিয়া হ’ব। জিলা প্ৰশাসন, আৰক্ষী, SDRF, NDRF, অগ্নি সেৱা বাহিনী আদিয়ে পৰিচালনা কৰিব পাণ্ডুঘাটৰ বিসৰ্জন কাৰ্যসূচী।

Post a Comment

Previous Post Next Post